নিউজ ডেক্স:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ৯৬ জনকৈ ব্যক্তি ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ১১৫৫৮ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৩৪ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫৭ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ১.১৬ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১২৬১৭ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩৩৫০ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৮২৮৩ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৯৬ শতাংশ ৷উল্লেখ্য যে দেওবাৰে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৮১গৰাকীলৈ বৃদ্ধি পালে।












