ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ অন্তিম বিদায়ৰ ক্ষণ প্ৰায় সমাগত৷ ইতিমধ্যে তৰুণ গগৈৰ নশ্বৰ দেহ তেওঁৰ চৰকাৰী বাসগৃহত উপস্থিত হৈছে আৰু তাত ধৰ্মীয় ৰীতি-নিয়ম পালন কৰি থকা হৈছে৷ স্নান আদি কৰাৰ পিছত পৰিধান কৰোৱা হ’ব নতুন বস্ত্ৰ৷
তাৰ মাজতে সংৰক্ষণ কৰা হ’ব তেওঁৰ পদচিহ্ন৷ লগতে সংৰক্ষণ কৰা হ’ব হাতৰ চাপো৷ এটা স্বেচ্ছাসেৱী সংগঠনে সংৰক্ষণ কৰিব তেওঁৰ পদচিহ্ন৷ লগতে পৰিয়ালৰ ফালৰ পৰাও সংৰক্ষণ কৰা হ’ব জনপ্ৰিয় মুখ্যমন্ত্ৰীগৰাকীৰ পদচিহ্ন আৰু হাতৰ চাপ৷












