ষ্টাফ ৰিপ’ৰ্টাৰ:
নিজৰ ৰাজনৈতিক জীৱনত প্ৰয়াত তৰুণ গগৈৰ আছে অনবদ্য ভূমিকা৷ এসময়ৰ ৰাজনৈতিক ‘গুৰু’ তথা চৰকাৰৰ সতীৰ্থ তৰুণ গগৈৰ ৰাজনৈতিক আশীৰ্বাদ তেওঁৰ জীৱনত সদায় আছে৷ লগতে আছে তৰুণ গগৈৰ পৰা বিভিন্ন সময়ত লাভ কৰা ৰাজনীতিৰ বিভিন্ন দিশৰ দিক নিৰ্দেশনা৷ সেয়ে হয়তো বৰ্তমান বিৰোধী দলত থাকিলেও তৰুণ গগৈৰ বিয়োগত মৰ্মাহত হৈছে, শোকত ম্ৰিয়মাণ হৈছে একালৰ প্ৰিয় ৰাজনৈতিক সতীৰ্থগৰাকী৷
হয়, ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কথাকে কোৱাকে হৈছে৷ বৰ্তমান ‘ৰাজনৈতিক শত্ৰু’ হ’লেও একালৰ প্ৰিয় ৰাজনৈতিক সতীৰ্থগৰাকীৰ মৃত্যুত যেন কোনোবাখিনিত অকলশৰীয়া অনুভৱ কৰিছে ডঃ হিমন্ত বিশ্ব শৰ্মাই৷ সেয়ে হস্পিটেলত চিকিৎসাধীন হৈ থকাৰ সময়ৰ পৰা মৃত্যুৰ সময়লৈকে, মৃত্যু মুহূৰ্তৰ পৰা বৰ্তমান সময়লৈকে হিমন্ত বিশ্বই প্ৰতি মুহূৰ্ততে ছাঁৰ দৰে লাগি আছি তৰুণ গগৈৰ লগত৷
আজি এইগৰাকী সবাতোকৈ সফল তথা ৰাজ্যৰ ইতিহাসৰ সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰীক অন্তিম শ্ৰদ্ধা তথা বিদায় জনাবৰ বাবে তৰুণ গগৈৰ চৰকাৰী বাসভৱনত উপস্থিত হৈছে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা৷ লগত আছে তেওঁৰ পত্নী, পুত্ৰ আৰু জীয়ৰীও৷












