ষ্টাফ ৰিপ’ৰ্টাৰ:
গুণমুগ্ধক শেষ শ্ৰদ্ধা জনাবৰ বাবে কলাক্ষেত্ৰত ৰখাৰ পিছত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নশ্বৰ দেহ বৰ্তমান মিনিষ্টাৰ্ছ কলনিৰ চৰকাৰী বাসভৱনত আহি উপস্থিত হৈছে। ইয়াত ধৰ্মীয় তথা পৰম্পৰাগত নীতি-নিয়ম পালনৰ পিছত অন্ত্যেষ্টিক্ৰিয়াৰ বাবে নৱগ্ৰহ শ্মশানলৈ নিয়া হ’ব।
শ্মশানলৈ নিয়াৰ পথত ছয়মাইলৰ গীৰ্জা, জু তিনিআলিৰ শংকৰদেৱ নামঘৰ, আমবাৰীৰ বুঢ়া মছজিদ আৰু উগ্ৰতাৰা মন্দিৰ দৰ্শনৰ বাবে নিয়া হ’ব।
আজি দুপৰীয়া ১ বজাত গুৱাহাটীৰ নৱগ্ৰহ শ্মশানত সম্পন্ন হ’ব প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ শেষকৃত্য।
প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ শেষকৃত্য ৰাষ্ট্ৰীয় মৰ্যদাৰে সম্পন্ন কৰা হ’ব। ইতিমধ্যে ৰাজ্য চৰকাৰে সম্পূৰ্ণ কৰি তুলিছে প্ৰস্তুতি। প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ অন্তিম যাত্ৰা যাতে সুচাৰু ৰূপে হৈ যায়, সেই কথা লক্ষ্য ৰাখি মহানগৰ আৰক্ষীৰ যান-বাহন শাখাই জাৰি কৰিছে নতুন পথ নিৰ্দেশনা
পথ নিৰ্দেশনাঃ
GNB Road আৰু নৱগ্ৰহ শ্মশানৰ আশে পাশে কোনোধৰণৰ পাৰ্কিং কৰিব নোৱাৰিব।
চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ সম্পূৰ্ণ পথ No Entry।
লতাশিল-চেনিকুঠী বাইলেনত No Entry।
নুনমাটিৰ পৰা অহা বাহনসমূহ জুৰোড হৈ যাব পাৰিব।
চানমাৰীৰ ফালৰ পৰা আহিবলগীয়া যান-বাহন নিজৰাপাৰাৰ পৰা আগবাঢ়িব নোৱাৰিব।
যিসকলে শেষকৃত্যলৈ আহিব, তেওঁলোকে নিজৰ যান-বাহন চানমাৰী অভিযান্তিক খেলপথাৰত পাৰ্ক কৰিব লাগিব।
নৱগ্ৰহৰ পৰা বাহন ওলাই অহাৰ সুবিধা থাকিব। টিচি পইণ্টৰ পৰা বি বৰুৱা কলেজৰ দিশে যাব পাৰিব।
চানমাৰীৰ পৰা গুৱাহাটী ক্লাৱলৈ সম্পূৰ্ণ পথ No Entry।












