নিউজ ডেক্স:
ৰাজ্যত পুনৰ নতুনকৈ ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ১১৭ জনকৈ লোক ৷ ১১৭ গৰাকী ৰোগীয়ে চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷টুইটাৰযোগে এই কথা উল্লেখ কৰিছে স্বাস্থ্য মন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৪৪২৬ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৮২ গৰাকী লোক কোভিড–১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৬৪ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৭৫ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১২০২১ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩২৭৭গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৭৭৬৩ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৯৯ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৭৮ গৰাকীলৈ বৃদ্ধি পালে৷












