বিশেষ প্ৰতিবেদন:
ভাৰতবৰ্ষত এটা সময়ত ধানৰ মিল স্থাপন কৰিবৰ বাবে লাইচেঞ্চ ল’ব লগা হৈছিল৷ তেনে ব্যৱস্থাত খেতিয়কসকল বহু সমস্যাত পৰিছিল৷ এই লাইচেঞ্চ প্ৰথাটো বিলুপ্তি ঘটালে কৃষকৰ বহু সুবিধা হয়৷ তাৰ প্ৰতি গুৰুত্ব আৰোপ কৰি এজন মন্ত্ৰীয়ে দেশৰ ধান বনা মিলবোৰ স্থাপন কৰাৰ ক্ষেত্ৰত লাইচেঞ্চ প্ৰথাটো আঁতৰাই দিয়ে৷
ফলত সহজে ধান বনা মিল স্থাপন কৰিব পৰা ব্যৱস্থাটো গঢ়ি উঠে৷ ধান বনা মিলৰ ক্ষেত্ৰত এই লাইচেঞ্চ ব্যৱস্থাটো বিলুপ্ত ঘটোৱা তেতিয়াৰ মন্ত্ৰীজন আছিল সদ্য প্ৰয়াত তৰুণ গগৈ৷ এইজন ৰাজনীতিবিদে কেন্দ্ৰৰ পৰা আহি অসমত শাসন কৰিবলৈ সুবিধা পাইছিল৷ অসমত একেৰাহে ১৫ বছৰ অৰ্থাৎ তিনিটাকৈ কাৰ্যকাল মুখ্যমন্ত্ৰী পদত অধিস্থিত তৰুণ গগৈৰ দিনত আৰম্ভ হৈছিল উন্নয়নৰ ৰূপৰেখা৷
এইখিনিতে উল্লেখ কৰা প্ৰয়োজন যে তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা কালত ৰাজ্যখনে বহু উন্নয়নৰ মুখ দেখিলে৷ একালত ৰাজ্যিক কৰ্মচাৰীয়ে মাহৰ পাছত মাহ দৰমহা পোৱা নাছিল৷ তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে ৰাজ্যিক কৰ্মচাৰীয়ে নিয়মীয়াকৈ দৰমহা লাভ কৰিলে৷ যিটো প্ৰথা আজিও অব্যাহত আছে৷
আনহাতে এসময়ত অসমত আছিল এক শ্বাসৰুদ্ধকাৰী পৰিৱেশ৷ গুপ্তহত্যাই মানুহক বিপন্ন কৰি তুলিছিল৷ কিন্তু তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছত অসমত গুপ্তহত্যা বন্ধ হ’ল৷ অসমৰ মানুহে নতুন বাতাবৰণ লাভ কৰিলে৷ ইয়াৰ উপৰি একালত অসমৰ গ্ৰাম্য পথবোৰৰ অৱস্থা নাছিল৷ পথবোৰ কেঁচা আছিল৷ কিন্তু তৰুণ গগৈ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে অসমৰ বহু পথ পকীকৰণৰ ব্যৱস্থা কৰিলে৷
মন কৰিব লগা আৰু গৌৰৱ কৰিব লগা আন এক সম্পদ গঢ়ি থৈ গ’ল তৰুণ গগৈৰ মুখ্যমন্ত্ৰীৰ কালত৷ সেয়া হ’ল গুৱাহাটীৰ সৰুসজাইত নিৰ্মাণ কৰা আন্তৰ্জাতিক ষ্টেডিয়াম৷ উল্লেখ্য যে এইজন ব্যক্তি মুখ্যমন্ত্ৰী হৈ থকা কালত যোৰহাটত স্থাপন হৈছিল মহিলা বিশ্ববিদ্যালয় আৰু নেচনেল ইনষ্টিটিউট অব ডিজাইন৷
গুৰুত্বপূৰ্ণ যে ভাৰতত দুখন নেচনেল ইনষ্টিটিউট অব ডিজাইন শিক্ষানুষ্ঠান আছে৷ তাৰে এখন অসমত৷ ইয়াৰ উপৰি কটন মহাবিদ্যালয়ক বিশ্ববিদ্যালয় পৰ্যায়লৈ উত্তৰণ ঘটোৱাৰ পৰা আৰম্ভ কৰি অসমত তৰুণ গগৈ মুখ্যমন্ত্ৰী হৈ থকা কালত শৈক্ষিক, সামাজিক, আৰ্থিক আদি দিশত বহু উন্নয়নমূলক কাম হৈছিল৷ আজি এইবোৰ উন্নয়নমূলক কামৰ বাবে ৰাজনীতিত সৰল ব্যক্তিৰূপে পৰিচিত তৰুণ গগৈক অসমৰ জনসাধাৰণে নিতৌ স্মৰণ কৰিব৷












