ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰত প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ নশ্বৰদেহত শেষ শ্ৰদ্ধাঞ্জলি জনোৱা বাবে আজি পুৱাৰে পৰা দীঘলীয়া শাৰী জনতাৰ।প্রিয় নেতা গৰাকীক অন্তিম বাৰ কাষৰ পৰা চোৱা বাবে বিভিন্ন জনে আহি ভিৰ কৰিছে।
অশান্ত অসমত নতুন ৰূপ প্ৰদান কৰি উন্নয়নৰ দিশত আগবঢ়াই নিয়াত গগৈ অৱদান সকলোৱে স্বীকাৰ কৰিছে।তিনিবাৰকৈ অসম মুখ্যমন্ত্ৰী আসন অলংকৃত কৰি নতুন মাত্ৰা প্ৰদান কৰা ৰাজনীতিক গৰাকীৰ বিয়োগত মৰ্মাহত সমগ্ৰ ৰাজ্য।সোমবাৰে সন্ধিয়া গুৱাহাটী মেডিকেল কলেজ হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰা আদৰ্শবাসী ৰাজনীতিবিদ গৰাকীৰ মৃত্যু খবৰ বিয়পি পৰা পাছতে শ-শ লোক উপস্থিত হৈছিল জিএমচিএইচৰ বাকৰিত।
উল্লেখ সাধাৰণ জনতাৰ বাবে আজি দিনটো গগৈ নশ্বৰদেহ কলাক্ষেত্ৰত ৰখা পাছত বৃহস্পতি বাৰে পুৱা নৱগ্ৰহ শ্মশানত শেষকৃত সম্পন্ন হ’ব।












