ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি প্ৰয়াত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক অন্তিম শ্রদ্ধা জনাবৰ বাবে গুৱাহাটীত উপস্থিত হয়। আজি পুৱা বৰঝাৰ বিমানবন্দৰত অৱতৰণৰ পিছত পোনে পোনে কলাক্ষেত্ৰলৈ আহে। তাত ৰাহুলে তৰুণ গগৈক অন্তিম শ্ৰদ্ধা জনোৱাৰ লগতে গৌৰৱ গগৈৰ সৈতে মত বিনিময় কৰে।
https://www.facebook.com/gauravgogoiasm/videos/658919291444584/
আনহাতে, সংবাদ মাধ্যমৰ আগত তৰুণ গগৈ সম্পৰ্কত মন্তব্য কৰি ৰাহুল গান্ধীয়ে কয় যে তৰুণ গগৈ আছিল তেওঁৰ বাবে গুৰু তুল্য। “তেওঁ আছিল মোৰ শিক্ষক আৰু তেওঁৰ সৈতে মই বহু সময় পাৰ কৰিছো। অসমলৈ আহিলে নিজৰ কথা কোৱাতকৈ ৰাজ্যখনৰ কথাহে কৈছিল। তেওঁৰ লগত কথা পাতিলে অসমৰ কথা কোৱা যেন লাগে। অসমৰ জাতি-জনগোষ্ঠীক তেওঁ একত্ৰিত কৰিছিল। তেওঁৰ মৃত্যুত ব্যক্তিগতভাবে মই বহুত দুখ পাইছো।” ৰাহুল গান্ধীয়ে এনেদৰে কয়।
উল্লেখযোগ্য যে ৰাহুল গান্ধীয়ে ইতিমধ্যে কলাক্ষেত্ৰৰ পৰা তৰুণ গগৈৰ চৰকাৰী বাসভৱনলৈ ৰাওনা হৈছে আৰু তাত তৰুণ গগৈৰ পত্নী ডলি গগৈ তথা অন্যান্যসকলক লগ কৰি পুনৰ দিল্লীলৈ ৰাওনা হ’ব।












