ষ্টাফ ৰিপ’ৰ্টাৰ:
সোমবাৰে বিয়লি ৫.৩৪ত ৮৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰে ৰাজ্যৰ সৰ্বাধিক সময়ৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে। তেওঁৰ মৃত্যুত ইতিমধ্যে ৰাজ্যজুৰি শোকৰ ছাঁ পৰিছে। ৫ দশকজুৰি সক্ৰিয় ৰাজনীতিত জড়িত হৈ থাকি দেশ তথা ৰাজ্যৰ ৰাজনীতি তথা সমাজ জীৱনলৈ আগবঢ়াই গৈছে অনবদ্য অৱদান।
কালি নিশাটো জিএমচিএইচত থকাৰ পিছত আজি GMCHৰ পৰা উলিয়াই অনা হল প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ মৃতদেহ। পুত্ৰ গৌৰৱ গগৈৰ লগতে কংগ্ৰেছৰ নেতাসকলে উলিয়াই আনে তৰুণ গগৈৰ নশ্বৰ দেহ।
আজি পুৱা প্ৰায় ৯.৩০ বজাত তেওঁৰ নশ্বৰ দেহ এখন সু-সজ্জিত বাহনত দিছপুৰৰ মিনিষ্টাৰ্ছ কলনিলৈ লৈ যোৱা হয়। জিএমচিএইচৰ পৰা তেওঁৰ চৰকাৰী বাসভৱনলৈ- এই সমগ্ৰ পথছোৱাত অসংখ্য গুণমুগ্ধই তেওঁক শেষ শ্ৰদ্ধা জনায়।
বৰ্তমান তেওঁৰ চৰকাৰী বাসভৱনত তেওঁৰ পৰিয়ালৰ লগতে বিভিন্ন দল-সংগঠনৰ নেতা-কৰ্মীৰ লগতে আত্মীয় তথা গুণমুগ্ধই শেষ শ্ৰদ্ধা জনায়। লগতে পালন কৰা হৈছে ধৰ্মীয় নীতি-নিয়ম।
ইয়াৰ পিছত তৰুণ গগৈক লৈ যোৱা হ’ব জনতা ভৱনলৈ। তাত চৰকাৰীভাবে শ্ৰদ্ধা জনোৱাৰ পিছত লৈ যোৱা হ’ব ৰাজীৱ ভৱনলৈ। তাত কংগ্ৰেছ দলৰ নেতা-কৰ্মীসকলে শ্ৰদ্ধা জনাই অন্তিম বিদায় জনাব।
ইয়াৰ পিছত লৈ যোৱা হ’ব শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰলৈ। তাত আজিৰে পৰা কাইলৈলৈকে সাধাৰণ জনতাই অন্তিম বিদায় জনাব পাৰিব। তাৰ পিছত চৰকাৰী মর্যাদাৰে তেওঁৰ শেষকৃত্য সম্পাদন কৰা হ’ব।












