ষ্টাফ ৰিপ’ৰ্টাৰ:
মঙলবাৰে অসমলৈ আহিব পাৰে ৰাহুল গান্ধী। প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈক শেষ শ্ৰদ্ধা জ্ঞাপনৰ বাবে অসমলৈ আহিব কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধী! এক বিশেষ বিমানেৰে অসমলৈ অহাৰ সম্ভাৱনা আছে বুলি সূত্ৰত প্ৰকাশ।
ইফালে তৰুণ গগৈৰ মৃত্যুত অভিভাৱকহীন হ’ল প্ৰদেশ কংগ্ৰেছ। তেওঁৰ মৃত্যুত গভীৰ শোক ব্যক্ত কৰিছে অসম প্ৰদেশ কংগ্ৰেছে। আজি গগৈৰ মৃত্যুত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই কয়, অহা ৩ দিনত ৰাজ্যিক কংগ্ৰেছৰ সকলো কাৰ্যসূচী বাতিল কৰা হৈছে। এই কেইদিন দলৰ পতাকা অৰ্ধনমিত থাকিব।












