ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি নিশাটো জিএমচিএইচতে থাকিব তৰুণ গগৈৰ মৃতদেহ। তাৰ পিছত কাইলৈ পুৱা নিয়া হ’ব জনতা ভৱনলৈ। জনতা ভৱনত শেষ শ্ৰদ্ধা জনোৱাৰ পিছত নিয়া হ’ব তেওঁৰ চৰকাৰী বাসভৱনলৈ, তাৰ পৰা নিয়া হ’ব ৰাজীৱ ভৱনলৈ।
ৰাজীৱ ভৱনত শ্ৰদ্ধা জনোৱাৰ পিছত নিয়া হ’ব শংকৰদেৱ কলাক্ষেত্ৰলৈ। কলাক্ষেত্ৰত ২৪ আৰু ২৫ নৱেম্বৰত সাধাৰণ জনতাৰ বাবে থাকিব শ্ৰদ্ধাঞ্জলিৰ ব্যৱস্থা। ইয়াৰ পিছত গুৱাহাটীতে ৰাষ্ট্ৰীয় মর্যাদাৰে তেওঁৰ শেষকৃত সম্পন্ন কৰা হ’ব।
কোন স্থানত শেষকৃত্য সম্পন্ন কৰা হব, সেই নিশ্চিত হোৱা নাই যদিও এই সন্দৰ্ভত আলোচনা অব্যাহত আছে।












