ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু খবৰ পোৱা পাছতে গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত উপস্থিত ৰাজ্য মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল।
“মোৰ পিতৃসম গগৈৰ মৃত্যুত মৰ্মাহত হৈছোঁ।তেখেতৰ সহজ- সৰল ব্যক্তিত্ব আৰু অক্লান্ত কৰ্মস্পিহাই কেৱল অসমৰে নহয়, দেশৰে ৰাজনীতিৰ পথাৰত এক শক্তিশালী চানেকি দেখাই থৈ গল”- এইদৰে কয় সোণোৱালে।
অসমৰ ৰাজনীতিৰ বাবে এক বৃহৎ ক্ষতি।ৰাজ্য জনতাৰ মনত বেদনা দিছে।এগৰাকী মহান নেতা।উৰে জীৱন দেশৰ জনগণৰ স্বাৰ্থ কাম কৰি শক্তিশালী মূল্যবোধ প্ৰতিষ্ঠা কৰি গ’ল।পিতৃয়ে পুত্ৰক দিয়া আদেশৰ দৰে আমাক বহু সময় আদেশ দিছিল।মৰম দিছিল।মৰম- চেনেহৰ পৰা বঞ্চিত হলো।
তিনিদিন ৰাজ্যিক শোক পালন কৰিব ৰাজ্য চৰকাৰে।শেষ বিদায় সময়ত উপস্থিত থাকিম আমি- মুখ্যমন্ত্ৰী গৰাকীয়ে কয়।
মই মুখ্যমন্ত্ৰী হিচাপে শপত লোৱা প্ৰাক মুহূৰ্তত আৰ্শীবাদ বিচাৰিছিলোঁ।ৰাজ্য চলোৱা গাইড দিব লাগিব বুলি কওঁতে চিন্তা নকৰিবা বুলি কৈছিল- সোণোৱালে কয়।
কিছুদিনৰ আগতে দেখা কৰিবলৈ আহোঁতে হাঁহি হাঁহি ভাল পাইছোঁ বুলি কৈছিল লগতে তেওঁ কয়।












