ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈ মৃত্যু কথা আনুষ্ঠানিক ভাৱে ঘোষণা কৰিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই।৮৪ বছৰ বয়সত শেষনিশ্বাস ত্যাগ জ্যেষ্ঠ ৰাজনীতিবিদ গৰাকী।
গুৱাহাটীৰ মেডিকেল কলেজ হাস্পতালত শেষনিশ্বাস ত্যাগ কৰা গগৈ নশ্বৰদেহ চৰকাৰী আৱাস গৃহলৈ নিয়া পাছতে গুণমুগ্ধ বাবে মঙলবাৰে গুৱাহাটী শংকৰদেৱ কলাক্ষেত্রত ৰখা হ’ব।এই কথা জনালে স্বাস্থ্যমন্ত্ৰী শৰ্মাই।
প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীক ৰাষ্ট্ৰীয় মৰ্যাদাৰে জনোৱা হ’ব শেষ বিদায়।
গগৈৰ নশ্বৰ দেহ অন্তিম হৎকাৰ কৰা কত হ’ব সেইয়া পৰিয়ালে চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব বুলিও মন্ত্ৰী শৰ্মাই কয়।মৃত্যু সময়ত গগৈ তিতাবৰৰ বিধায়ক হিচাপে দায়িত্ব পালন কৰি আছিল।












