ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত ক’ৰোণা ভাইৰাছৰ পৰা মুক্ত হৈ উঠিল ২০৭৩৯৪ জনকৈ লোক ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৯৯৯৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৮৬গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ২০গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৮৬ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১১৫১৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩১৪২গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৭৩৯৪ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৮.০৫ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৭৪ গৰাকীলৈ বৃদ্ধি পালে।












