নিউজ ডেক্স:
সদৌ অসম ছাত্ৰ সন্থা ত্যাগ কৰিলে সাধাৰণ সম্পাদক লোৰিন জ্যোতি গগৈয়ে।অসমৰ মানুহৰ কা’ বিৰোধী আন্দোনলনৰ চিন্তা- আদৰ্শৰ প্ৰতি সন্মান জনাই এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি লোৰিনে কয়।সিদ্ধান্ত কিমান সত্য আৰু শুদ্ধ হব সেয়া সময়ে বিচাৰ কৰিব।
অসমৰ জনগণৰ আবেগক শ্ৰদ্ধা জনায় লোৰিনে কয় -অসম জাতীয় জীৱনৰ বাবে এটা প্ৰচেষ্টা চলাব বিচাৰিছোঁ।অসমৰ জনতাৰ শংকাত কিঞ্চিত ন্যায় প্ৰতিষ্ঠা বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছোঁ।
শ্বহীদৰ মাতৃ সকলৰ শুকান মুখ, বুকু শুদা কৰা আবেগ তাত কিছু ন্যায় প্ৰতিষ্ঠা বাবে প্ৰয়াস কৰিম।কাৰণ শ্বহীদৰ মাতৃয়ে বুজি পায় বুকুৰ বেদনা কিমান।সংকটতো জাতীয়, ইয়াত কোনো ব্যক্তি বিশেষ বা সংগঠন জড়িত হৈ থকা নাই।
গতিকে অসমৰ জাতীয় সংকটৰ ভয়াবহতা ক্ষণত মই এই সিদ্ধান্ত ন্যায় প্ৰতিষ্ঠা যুজঁ দিবলৈ আগবাঢ়িব খুজিছো।যুজঁখন যথেষ্ট কঠিন মই জানো কিন্তু অসম্ভৱো নহয়।যদিহে অসমৰ ৰাইজে সঠিক সিদ্ধান্ত গ্ৰহণ কৰে- সাধাৰণ সম্পাদক গৰাকীয়ে কয়।
মোৰ কেৱল ব্যক্তিগত লাভালাভৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰা নাই।সিদ্ধান্তত অফুৰন্ত ৰিক্স লৈ সাহস গোটাই কিবা এটা কৰিবলৈ চিন্তা চৰ্চা কৰিছোঁ।তাৰ ৰাইজৰ পৰা সাহস বিচৰা বুলি লোৰিনে কয়।
সদৌ অসম ছাত্ৰ সন্থাই দিয়া সত্তা তোক জীয়াই ৰখাৰ দায়িত্ব মোৰ।জাতীয় জীৱনৰ ন্যায় প্ৰতিষ্ঠা সংগ্রামত কেতিয়াও ত্যাগ বুলি নাভাবো।কেৱম মাত্ৰ এটা প্ৰচেষ্টা।প্ৰচেষ্টা অসমৰ জাতীয় জীৱনৰ ন্যায় প্ৰতিষ্ঠা সংগ্ৰামৰ অংকুৰন।অসমৰ সমাজ জীৱনত মই নাটক কৰা নাই।ভণ্ডামি কৰা নাই কেৱল জাতিপ্ৰেম লৈ আগবাঢ়িছোঁ বুলি আশ্বস্থ হব পাৰিম।
উল্লেখ অসম জাতীয় পৰিষদত যোগদান কৰা পূৰ্ণ সম্ভাৱনা আছে গগৈৰ ।












