নিউজ ডেক্স:
ৰাজ্যত পুনৰ সুস্থ হোৱা লোকৰ সংখ্যা ২০৭২১৯জনলৈ বৃদ্ধি৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
যোৱা ২৪ ঘন্টাত ১৯৮৮৪টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ ২২৩ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৭০ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ১.১২শতাংশ ৷
উল্লেখ্য যে,ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১১৪২৭ জনলৈ বৃদ্ধি পালে। ৰাজ্যত সম্প্ৰতি ৩২৩২ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৭২১৯ গৰাকী ব্যক্তি।আনহাতে, ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৭৩গৰাকীলৈ বৃদ্ধি পালে।












