ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৰুত্বৰ ভাৱে অসূস্থ প্ৰাক্তন মূখ্যমন্ত্ৰী তৰুণ গগৈৰ স্বাস্থ্য অহা ৪৮ ঘন্টা হ’ব অতিকৈ গুৰুত্বপূৰ্ণ। বৰ্তমান তৰুণ গগৈৰ কিডনী, হাৰ্ড আদিৰ কাৰ্যক্ষমতা কমি আহিছে। উল্লেখ্য যে, কিছুসময় পূৰ্বে প্ৰাক্তন মূখ্যমন্ত্ৰীগৰাকীৰ স্বাস্থ্যৰ বুজ ল’বলৈ উপস্থিত হোৱা স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনোৱা মতে এতিয়া দিল্লী বা ৰাজ্যৰ বাহিৰলৈ নিয়াৰো অৱস্থাতো নাই তৰুণ গগৈ। বৰ্তমান গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে এটা বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত আছে তৰুণ গগৈৰ স্বাস্থ্য।
মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কোৱা মতে, “বৰ্তমান মেচিনৰ সহায়ত তৰুণ গগৈক শ্বাস-প্ৰশ্বাস দিয়া হৈছে। সমান্তৰালকৈ তৰুণ গগৈৰ অংগ কাৰ্যক্ষম কৰি তুলিবলৈ চেষ্টা চলাই থকা হৈছে। সামগ্ৰিক ভাবে অহা ৪৮ ৰ পৰা ৭২ ঘণ্টা তৰুণ গগৈৰ স্বাস্থ্যৰ বাবে অতিকৈ গুৰুত্বপূৰ্ণ।
গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ চিকিত্সকৰ দলে এতিয়া যোগাযোগ কৰিছে এইমছৰ চিকিত্সকৰ সৈতে। পুত্ৰ গৌৰৱ গগৈ আৰু পৰিয়ালৰ লোকৰ সৈতে সম্পূৰ্ণ আলোচনা কৰি আগবাঢ়িছে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ চিকিত্সক দল।’
ইফালে তৰুণ গগৈৰ স্বাস্থ্যকলৈ উদ্বিগ্নতা প্ৰকাশ কৰিছে গুৱাহাটী চিকিত্সা মহাবিদ্যালয়ৰ অধীক্ষক ডা° অভিজিত্ শৰ্মাই। বিকল হোৱা অংগ পুনৰ কাৰ্যক্ষম কৰি তুলিবলৈ চেষ্টা চলাই থকা হৈছে। কথা বতৰাৰ প্ৰতিও সঁহাৰি দিব পৰা নাই গগৈয়ে। অহা ২৪ ঘণ্টা সম্পূ্ৰ্ণ অবজ্যাৰভেশ্যনত থাকিব তৰুণ গগৈৰ স্বাস্থ্য। আৰু তাৰ পিছৰ পৰ্যায়তহে সিদ্ধান্ত লোৱা হ’ব।’এতিয়া সকলোৱে তৰুণ গগৈৰ আশু আৰোগ্য কামনা কৰিছে।