নিউজ ডেস্কঃ
ধাৰাবাহিক বিস্ফোৰণত কপি উঠিল কাবুল। এই পর্যন্ত চৰকাৰীভাবে এজনৰ মৃত্যুৰ খবৰ পোৱা গ’লেও বিস্ফোৰণ আৰু ৰকেট আক্ৰমণৰ একাধিক শব্দৰ কাৰণে এতিয়াও ভয়ত কম্পমান হৈ আছে আফগানিস্তানৰ কাবুল চহৰৰ গ্রিন জ’ন এলেকা।
ছচিয়েল মিডিয়াত একাধিক ছবি প্রকাশিত হৈছে, য’ত দেখা গৈছে, দুটা ঘৰত ৰকেট আক্ৰমণৰ দৰে গাঁতৰ সৃষ্টি হৈছে। ঘন বসতিপূর্ণ এই এলেকাত আছে দেশৰ আৰু বিদেশৰ একাধিক সংস্থাৰ কাৰ্যালয়ো। সেই কাৰণেই বিস্ফোৰণৰ পিছত চিন্তা বাঢ়িছে প্রশাসনৰ।
স্থানীয় প্রশাসন কৰ্তৃপক্ষই এই বিষয়ত কোনেও মুখ খুলিব নিবিচাৰিলেও আফগানিস্তানৰ গৃহ মন্ত্ৰালয় কৰ্তৃপক্ষৰ পৰা কোৱা হৈছে, ‘‘শনিবাৰে পুৱা দুটি পৃথক বিস্ফোৰণৰ খবৰ পোৱা গৈছে। ঘটনাত এজন আৰক্ষীৰ মৃত্যু হোৱা বুলি খবৰ পোৱা গৈছে। তিনিজন লোক ঘটনাটোত আহত হৈছে।’’ অৱশ্যে এই বিস্ফোৰণৰ দায়িত্ব এতিয়ালৈকে কোনো সংগঠনে স্বীকাৰ কৰা নাই।