নগাঁও : বি টি চি ৰ নিৰ্বাচনক লৈ তুংগত উঠিছে ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ। বিশেষকৈ সমাগত বিধানসভা নিৰ্বাচনক লৈ ৰাজ্যত বিভিন্ন ৰাজনৈতিক দলৰ মাজত তৎপৰতা বৃদ্ধি পোৱাৰ সময়তে বিটিচিৰ নিৰ্বাচনক লৈ ৰাজ্যৰ ৰাজনীতি অধিক গৰম হৈ পৰা পৰিলক্ষিত হৈছে । শাসকীয় দল বিজেপিৰ প্রভাবশালী আৰু বাকপটু মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিটিচিত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ গৈ বিপিএফ দলৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ লগতে দলটোক আক্ৰমণৰ লক্ষ্য কৰি লয়। মন্ত্ৰী ডঃ শৰ্মাই বিটিচি প্ৰধান হাগ্ৰাম মহিলাৰীৰ ভেটি কঁপাই আগন্তুক নিৰ্বাচনত বিটিচিত বিজেপিয়ে অকলেই চৰকাৰ গঠন কৰিব বুলিও হুংকাৰ দিয়ে।
ইপিনে হাগ্রামা মহিলাৰীয়েও নিৰ্বাচনী সভাসমূহত তীক্ষ্ণ বাক্য বানেৰে মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক প্ৰত্যুত্তৰ দি নিৰ্বাচনী প্ৰচাৰ আকৰ্ষণীয় কৰি তোলে। বিজেপি আৰু বিপিএফ নেতাৰ এনে বাকযুদ্ধৰ মাজতে আজি নগাঁৱৰ খগেন মহন্ত প্ৰেক্ষাগৃহত অনুষ্ঠিত ‘জল জীৱন মিছন’ৰ এক পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে ৰাজ্যৰ জন স্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী ৰিহন দৈমাৰীয়ে। চৰকাৰী কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী ৰিহন দৈমাৰীয়ে বি টি চি নিৰ্বাচনক লৈ সাংবাদিকৰ আগত বিশেষ মন্তব্য কৰাৰ পৰা বিৰত থাকে।
আনহাতে বিটিচি নিৰ্বাচনক লৈ সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত মন্ত্ৰী দৈমাৰীয়ে মাথো কয় : বিটিচিত পুনৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বতেই চৰকাৰ গঠন হ’ব আৰু তাত কোনো সন্দেহ নাই ।