নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ২১০গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ২১০ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৩৪৮৪ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ১৬৯গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৪২ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৭২ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২১০৮৬৫ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৩২৮৫ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৬৬০৮ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৭.৯৮ শতাংশ ৷বুধবাৰৰ দিনটোত ৰাজ্যত ক’ৰোনাত আক্ৰান্ত হৈ মৃত্যু হয় তিনি গৰাকী লোকৰ । মৃত্যু হোৱা লোক কেইগৰাকী হ’ল তিনিচুকীয়া জিলাৰ লোকক নাথ গগৈ(৬২), কামৰূপ গ্ৰাম্য জিলাৰ অনাচুৰ হক (১৪) আৰু মইনুল হক(৫২) ।উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯১৪ গৰাকীলৈ বৃদ্ধি পালে।













