নিউজ ডেস্কঃ
বজৰঙ্গী ভাইজান ছবিৰ সেই শিশু মুন্নিক মনত আছেনে? শিশু বয়সতেই হাজাৰ হাজাৰ মানুহৰ মন জয় কৰিছিল মুন্নি তথা হর্ষালি মালহোত্রাই। মূক-বধিৰ বালিকাৰ চৰিত্রত তেওঁৰ অভিনয়ত মুগ্ধ হৈছিল সকলো। শিশু অভিনেত্রীগৰাকীৰ মিঠা অনুভৱ আজিও মনত ৰাখিছে দর্শকসকলে। কিন্তু জানেনে, সেই শিশু হর্ষালি বৰ্তমান এগৰাকী কিশোৰী।
২০১৫ চনত বজৰঙ্গী ভাইজান ছবিয়ে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছিল। নিশাটোৰ ভিতৰতে বিখ্যাত হৈছিল মুন্নি। তেতিয়া মুন্নি তথা হর্ষালিৰ বয়স আছিল মাত্র ৭ বছৰ। সম্প্রতি দীপাৱলী উপলক্ষে বহুকেইখন ছবি ইনষ্টাগ্ৰামত পোষ্ট কৰিছে হর্ষালিয়ে। সেই ছবিবোৰ মুহূর্ততে ভাইৰেল হয়। তেওঁৰ বয়স বৰ্তমান ১২ বছৰ।
ছবিবোৰত হৰ্ষালিক সেই শিশু মুন্নিৰ দৰেই মমোমোহা আৰু সুন্দৰ লাগিছে। দীপাৱলী উপলক্ষে পৰম্পৰাগত পোছাকেই বাছি লৈছে হর্ষালিয়ে। ছবিত তেওঁক ৰঙা ৰঙৰ চুৰিদাৰ পিন্ধি থকা দেখা গৈছে।
উল্লেখ্য, কবীৰ খান পৰিচালিত বজৰঙ্গী ভাইজান ছবিত প্রথম অভিনয় কৰে শিশু হর্ষালিয়ে। ছবিখনত অভিনয় কৰিছিল চলমন খান আৰু কৰিনা কাপুৰ খানে। ছবিখনত দর্শককক মুগ্ধ কৰিছিল হর্ষালিয়ে। তেওঁৰ সৌন্দর্যতো মুগ্ধ দর্শকসকল। ভৱিষ্যতে বলিউডৰ নায়িকাৰূপে দর্শকে তেওঁক সাদৰেৰে গ্রহণ কৰিব তাক আশা কৰিব পৰা যায়।