নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৩৫৭ গৰাকী।যোৱা ২৪ ঘন্টাত ৩৫৭ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
যোৱা ২৪ ঘন্টাত ২৪৬৩৭ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত ৰাজ্যত নতুনকৈ আজি ২৪২গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ ইয়াৰে ৬৬জন কামৰূপ মেট্ৰ’ৰ৷ আক্ৰান্তৰ হাৰ ০.৯৮ শতাংশ ৷
উল্লেখ্য যে,ৰাজ্যত বৰ্তমানলৈ এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২,১০৬৯৬ জনলৈবৃদ্ধি পালে। ৰাজ্যত সম্প্ৰতি ৩৩২৯ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৬৩৯৮ গৰাকী ব্যক্তি।আনহাতে, ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৬৬গৰাকীলৈ বৃদ্ধি পালে।












