![]()
নিউজ ডেস্কঃ
কৰোনা পৰিস্থিতিৰ বাবে এইবাৰ ষট পূজা উদ্যাপনত থাকিব বহুতো বাধা-নিষেধ৷ নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে উদযাপন কৰিব লাগিব ষট পূজা। এই সন্দৰ্ভত কামৰূপ মহানগৰ জিলা প্ৰশাসনে বিশেষ বিশেষ গাইড লাইন জাৰি কৰিছে। সেই অনুযায়ী :
• সকলো সময়তে মাস্ক পৰিধান কৰাৰ লগতে বজাই ৰাকিব লাগিব সামাজিক দূৰত্ব।
• এটা পৰিয়ালৰ সৰ্বাধিক পাঁচজন সদস্যইহে একেলগে পূজাত অংশগ্ৰহণ কৰিব পাৰিব।
• ধৰ্মীয় ৰীতি-নীতিৰ বাহিৰে অন্য কোনো অনুষ্ঠান, মেলা আদি অনুষ্ঠিত কৰিব নোৱাৰিব।
• ষট পূজাথলীত কোনো ধৰণৰ খাদ্য বিপণী বা অন্য ব্যৱসায়ৰ বাবে অনুমতি দিয়া নহয়।
• পূজাৰ সময়ত ব্যক্তিগত ফেৰী বা নাও ব্যৱহাৰত জিলা প্ৰশাসনে নিষেধাজ্ঞা আৰোপ কৰিব লাগিব।
• পূজাস্থলীত কোনো ধৰণৰ পেণ্ডেল বনোৱাৰ অনুমতি নাথাকিব।
• প্লাষ্টিক আৰু থাৰ্মোকল ব্যৱহাৰৰ ক্ষেত্ৰত জিলা প্ৰশাসনৰ অনুমতি ল’ব লাগিব।
• ষট পূজাস্থলীসমূহত এম্বুলেন্স সাজু কৰি ৰাখিব লাগিব।
আনহাতে, এই বছৰ ষট পূজা অনুষ্ঠিত কৰাৰ বাবে প্ৰশাসনে নিৰ্ধাৰণ কৰি দিয়া স্থানসমূহ হৈছে- ব্ৰহ্মপুত্ৰ(উজান বজাৰৰ পৰা ভৰলুমুখ), চূণচালি, পাণ্ডুঘাট, মালিগাঁও ৰে’লৱে ষ্টেডিয়াম, বিৰুবাৰী পুখুৰী, বশিষ্ঠ, লালমাটি, খানাপাৰা ফাৰ্মগে’ট, হাতীগাঁও, জ্যোতিকুছি, নাৰেংগী, পাথৰকুঁৱৰী, নাৰেংগী, আজাৰা আৰু চন্দ্ৰপুৰ।












