![]()
ক’ৰনা ত্ৰাসৰ মাজতে পাঠক সমাজলৈ ভাল খবৰ। পূৰ্ব বৰ্ষৰ দৰে চলিত বৰ্ষটো অনুষ্ঠিত হ’ব অসম প্ৰকাশন পৰিষদৰ ৩৩তম গুৱাহাটী গ্ৰন্থমেলা। ৩০ ডিচেম্বৰ পৰা ১২ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব গুৱাহাটী গ্ৰন্থমেলা। এই কথা জনালে অসম প্ৰকাশন পৰিষদৰ সচিব প্ৰমোদ কলিতাই।
উল্লেখ ক’ৰনা ভাইৰাছ শিথিলতা জাৰি হোৱা বাবে সাৱধানতা মানি আয়োজন কৰা গ্ৰন্থমেলা মণ্ডপ নিৰ্মাণৰ আৰম্ভ হ’ব ১৫ ডিচেম্বৰ পৰা।
চান্দমাৰী অসম অভিযান্ত্ৰিক খেল পথাৰত অনুষ্ঠিত হ’ব উক্ত গ্ৰন্থমেলা।
ইফালে গ্ৰন্থমেলাত অংশগ্ৰহণ কৰিব বিচৰা বিপনীসমূহে ১ ডিচেম্বৰ পৰা আৱেদন-পত্ৰ সংগ্ৰহ কৰিব পাৰিব। প্ৰকাশন পৰিষদৰ কাৰ্যালয় অথবা ৱেবচাইটৰ পৰা সংগ্ৰহ কৰিব পাৰিব আৱেদন-পত্ৰ – সচিব কলিতাই লগতে কয়।
গুৰুত্বপূৰ্ণ কথা বিপনী আৱেদন জমা দিয়া অন্তিম দিন ১০ ডিচেম্বৰ। ডাকযোগে প্ৰেৰণ কৰা আৱেদন ১২ ডিচেম্বৰলৈ গ্ৰহণ কৰিব।












