নিউজ ডেক্স
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ৮৩৭ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ৮৩৭ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ২৭৩২৩ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ২৪৫ গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ৫১ গৰাকী ৰোগী কামৰূপ(ম)ৰ৷ আক্ৰান্তৰ হাৰ ০.৯০ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ২০৯৬৩৩ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ৫৩৭১গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ২০৩৩০৫ গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৯৬.৯৮ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৯৫৪ গৰাকীলৈ বৃদ্ধি পালে।












