ষ্টাফ ৰিপ’ৰ্টাৰ:
প্ৰভাৱশালি মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক সৰু ভাতৃ আখ্যা এ আই ইউ দি এফৰ প্ৰধান সাংসদ বদৰুদ্দিন আজমলৰ।
“শিলচৰৰ ঘটনা মিছাকৈ বিয়পাই দিয়া কাণ্ডক ভাতৃ হিচাপে ক্ষমা কৰি দিছো।ৰাজনীতিত খঙাল হ’ব নাপায়।কনট্ৰলত থাকক, বি-কুল”- আজমলে এইদৰে কয়।
ইফালে মন্ত্ৰী হিমন্তই আজমললৈ ভয় নকৰো বুলি আজি বুঢ়া আঙুলি দেখুৱা ঘটনাক প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সাংসদ গৰাকীয়ে কয়- তেওঁ মানসিক অশান্তিত ভুগিছে।মোক আঙুলি দেখাইছে কিন্তু মই দেখাই নিদিয়ো।তেওঁ মানসিক চিকিৎসাৰ প্ৰয়োজন হ’লে মোৰ চিকিৎসালয় আহিলে বিনামূলীয়া সেৱা আগবঢ়াম”।
অসমবাসীৰ হৈ মন্ত্ৰী গৰাকীক কাম কৰাৰো আহ্বান জনায় সাংসদ গৰাকীয়ে।আনহাতে ২১ত ক্ষমতালৈ বিৰোধী মহাজোঁটবন্ধন আহিব।ক্ষমতালৈ আহিলে বিজেপিয়ে সভা কৰাৰ দৰেই মহাজোটৰ চৰকাৰেও শংকৰদেৱৰ কলাক্ষেত্ৰত কৰিব সভা।
উল্লেখ এআইইউদিএফৰ যুৱ মৰ্চা বর্ধিক কাৰ্যনিৰ্বাহক সভাত উপস্থিত হৈ সাংসদ আজমলে কয়- বিহাৰৰ নিৰ্বাচনত ইভিএম জিন্দাবাদ।মন্ত্ৰী হিমন্ত, মোদীৰ দৰে এক্সপাৰ্ট থকালৈকে ইভিএম জিন্দাবাদ হৈ থাকিব।












