ষ্টাফ ৰিপ’ৰ্টাৰ:
APCC ৰ তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে সাতদিনীয়া অসম ভ্ৰমণ কৰি দিল্লীলৈ উভতি যোৱাৰ পিছতেই তেওঁৰ গুডবুকত সোমাল কেইবাগৰাকীও নেতা। কিন্তু এই প্ৰশ্নই এতিয়া খুলি খাইছে এতিয়া একাংশ প্ৰদেশ কংগ্ৰেছ নেতাক।
অসমৰ পৰা দিল্লীলৈ উভতি যোৱা জীতেন্দ্ৰ সিং বৰ্তমান ৰাজস্থানত; আৰু তাত বহিয়েই তেওঁ প্ৰস্তুত কৰিছে ৰিপোৰ্ট কাৰ্ড। এই ৰিপোৰ্ট কাৰ্ড দুই-এদিনতে তেওঁ দাখিল কৰিব ৰাহুল গান্ধীৰ হাতত। প্ৰাপ্য তথ্যনুসৰি, জীতেন্দ্ৰ সিঙে নিজৰ গুডবুকত অন্তৰ্ভূক্ত কৰিছে ৫০ ৰ তলৰ নেতাকহে; কম বয়সীয়া নেতাৰ কাম কাজতহে বিশ্বাস দেখুৱাইছে এতিয়া জীতেন্দ্ৰ সিঙে।
উল্লেখ্য যে, সমষ্টিত কাম কৰা তথ্যৰ ভিত্তিত ২১ৰ নিৰ্বাচনত টিকট প্ৰদান কৰা হ’ব। জীতেন্দ্ৰ সিঙৰ এই ভ্ৰমণসূচীৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ মনোবল যথেষ্ট বৃদ্ধি পাইছে বুলি দাবী কৰে বিধায়ক জাকিৰ হুচেইন শিকদাৰে। বিধায়ক জাকিৰে কয় যে “ৰাইজৰ কাষত থাকিবলৈ নিৰ্দেশ দি গ’ল আমাৰ নৱনিযুক্ত তত্ত্বাৱধায়ক জীতেন্দ্ৰ সিঙে৷ ৰাইজৰ বিপদৰ কালত কাষত থাকি সহায় কৰিবলৈ আমাক তেওঁ উপদেশ দিছে লগতে তৃণমূল পৰ্যায়ত দলক শক্তিশালী কৰিবলৈও তেওঁ নিৰ্দেশ দিছে৷”
কিন্তু জীতেন্দ্ৰ সিঙৰ সাতদিনীয়া অসম ভ্ৰমণৰ বিষয়টোয়ে চিন্তিত কৰি তুলিছে শাসকীয় BJP ক৷ সিঙে চাহজনগোষ্ঠীয় লোকৰ ঘৰত নিশা কটাই চাহ জনগোষ্ঠী প্ৰীতি প্ৰদৰ্শন কৰাত শংকিত হৈছে BJP৷ BJPৰ মুখপাত্ৰ তথা বিধায়ক ডাঃ নোমল মমিনৰ মতে- “১৯৪৭ৰ পিছৰ পৰা কংগ্ৰেছে একো নিদিলে চাহ জনগোষ্ঠীক৷ যি দিছে BJPএ দিছে বাগানক৷
বাগানত হাইস্কুল আমি পাতিছো৷ বাগানৰ ৰাস্তাবোৰ আমি বনাইছো৷ কংগ্ৰেছে স্বাধীনতাৰ পিছৰে পৰা বাগানৰ মানুহক নিমস দিছিল; নিমস চাহ খাইছিল৷ এতিয়া আমি চেনি দিছো৷ আগতে টকাৰ বিনিময়ত চাউল দিছিল৷ এতিয়া আমি বিনামূলীয়াকৈ চাউল দিছো বাগানত৷ বাগানৰ ৰাইজৰ বাবে BJP এতিয়া ত্ৰাণকৰ্তা৷”
ইয়াৰ উপৰিও, BJPৰ মুখপাত্ৰ ডাঃ মমিনে ল “চাহজনগোষ্ঠীৰ ওচৰত কংগ্ৰেছে ক্ষমা খুজিব লাগে৷ স্বাধীনতাৰ পিছত বাগানৰ বাবে তেওঁলোকে একোৱেই নকৰিলে৷ বাগানৰ ৰাইজ পূৰ্বে সাৰ পাইছিল গুলী-বাৰুদৰ শব্দত৷ এতিয়া বাগানৰ ৰাইজ সাৰ পাই চৰাইৰ মাতত৷” মুঠতে জীতেন্দ্ৰ সিঙৰ অসম ভ্ৰমণৰ পিছতে এতিয়া নিৰ্বাচনকেন্দ্ৰিক এক পৰিৱেশৰ সূচনা হৈছে অসমত৷












