ষ্টাফ ৰিপ’ৰ্টাৰ:
শিলচৰ : অসমৰ মুখ্য সচিব জিষ্ণু বৰুৱা আৰু আৰক্ষী প্ৰধান ভাস্কৰজ্যোতি মহন্তই বুধবাৰে শিলচৰত বৰাক উপত্যকাৰ সামগ্ৰিক আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰে।
উপায়ুক্তৰ কনফাৰেন্স হলত উপায়ুক্ত, আৰক্ষী অধীক্ষকসকল, ডিআইজি, ডিএফঅ’ আৰু অন্যান্য বিষয়াসকলৰ সৈতে মিজোৰামত আন্তঃৰাজ্য সীমাৰ বৰ্তমান পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি দক্ষিণ অসমৰ বৰাক উপত্যকাৰ আইন-শৃংখলা পৰিস্থিতিৰ পৰ্যালোচনা কৰি মুখ্য সচিব বৰুৱা আৰু ডিজিপি মহন্তই সীমা সমস্যা সমাধানৰ বাবে উপলব্ধ সকলো বিকল্পৰ ওপৰত আলোচনা কৰে।
মুখ্য সচিবে উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলক কাছাৰ আৰু কৰিমগঞ্জ জিলাৰ অন্তৰ্গত লাইলাপুৰ আৰু মেডিচেৰাৰ সীমাত নিৰন্তৰ সতৰ্কতা বজাই ৰাখিবলৈ নিৰ্দেশ দিয়ে।
উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলে সীমান্তৰ আইন-শৃংখলা পৰিস্থিতি আৰু গ্ৰহণ কৰা নিৰাপত্তা ব্যৱস্থাৰ বিষয়ে বিশদ প্ৰতিবেদন প্ৰদান কৰে। উক্ত বৈঠক প্ৰায় আঢ়ৈ ঘণ্টা ধৰি চলে।
বৈঠকৰ পিছত মুখ্য সচিবে এক সংবাদমেল সম্বোধন কৰে৷ সংবাদমেলত মুখ্য সচিব বৰুৱাই কয় যে মুখ্যমন্ত্ৰীৰ নিৰ্দেশত তেওঁ আৰু ডিজিপিয়ে আইন-শৃংখলা পৰিস্থিতি মূল্যায়ন কৰিবলৈ আৰু সীমাৰ আনফালে দুষ্কৃতিকাৰীৰ হাতত মৃত্যু হোৱা শোকাৱহ পৰিয়াল কেইটাক সাক্ষাৎ কৰিবলৈ আহিছিল। লগতে এক্স গ্ৰেছিয়া হিচাপে চৰকাৰে আগবঢ়োৱা ৫ লাখ টকাৰ চেকখন শোকসন্তপ্ত পৰিয়ালৰ হাতত অৰ্পণ কৰাৰ লগতে পৰিয়ালটোক মুখ্যমন্ত্ৰীৰ হৈ সমবেদনাও জনায়।
বৰুৱাই প্ৰকাশ কৰে যে কেন্দ্ৰীয় সুৰক্ষা বাহিনীৰ এটা দল দুই-এদিনত ৰাজ্য আহি পাব আৰু তেওঁলোকক অসম-মিজোৰামৰ আন্তঃৰাজ্যিক সীমাত থকা কাছাৰ আৰু কৰিমগঞ্জ জিলাত নিয়োগ কৰা হ’ব।
মুখ্য সচিব নিযুক্ত হোৱাৰ ঠিক পিছতে প্ৰথমবাৰৰ বাবে পাহাৰীয়া জিলাখনলৈ ভ্ৰমণত অহা বৰুৱাই সকলোকে সংযম আৰু ধৈৰ্য্য প্ৰদৰ্শন কৰিবলৈ আৰু সকলো সময়তে শান্তি বজাই ৰাখিবলৈ আহ্বান জনায়৷
সংবাদমেলত উপস্থিত থাকে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকল, ডিআইজি, চাউথ ৰেঞ্জ, আইজিপি, ডিএফঅ’ আৰু অন্যান্য জ্যেষ্ঠ বিষয়াসকল।












