ষ্টাফ ৰিপ’ৰ্টাৰ:
সমাগত ২০২১ বৰ্ষৰ বিধানসভা নিৰ্বাচন। কেওঁদিশে চলা নিৰ্বাচনী কোঁচকাৱাজৰ মাজতেই আজি কংগ্ৰেছৰ ৰাজ্যিক মূখ্য কাৰ্যালয় ৰাজীৱ ভৱনত উপস্থিত হয় কংগ্ৰেছী নেতা, প্ৰাক্তন কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী আৰু অসমৰ তত্ত্বাৱধায়ক জিতেন্দ্ৰ সিং।
উজনি অসমৰ ভ্ৰমণ কাৰ্যসূচী সমাপ্ত কৰি গুৱাহাটীত জিতেন্দ্ৰ সিং উপস্থিত হৈয়েই বিজেপি দলক তুমূল সমালোচনা কৰে। ইয়াৰ লগতে, জিতেন্দ্ৰ সিঙে ৰাজীৱ ভৱনত প্ৰদেশ কংগ্ৰেছ, মহিলা কংগ্ৰেছ, যুৱ কংগ্ৰেছ, এন এছ ইউ আই আৰু কংগ্ৰেছ সেৱা দলৰ নেতা কৰ্মীৰ সৈতে প্ৰায় পাঁচ ঘণ্টা সময় আলোচনাত মিলিত হ’ব।