ষ্টাফ ৰিপ’ৰ্টাৰ:
গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায়ৰ সৈতে জড়িত দুই স্থায়ী বনকৰ্মী লগতে চাৰিজন অইন ব্যক্তিক মংগলবাৰে আটক কৰে উদ্যান কৰ্তৃপক্ষই। পূৰ্বে আটক কৰা বনকৰ্মী বিমলা শইকীয়া আৰু চবিৰ আহমেদ লস্কৰৰ স্বীকাৰোক্তিৰ ওপৰত ভিত্তি কৰিয়েই আটক কৰা হয় বুঢ়াপাহাৰ বনাঞ্চলত কৰ্মৰত দুই চোৰাং ব্যৱসায়ী ক্ৰমে নুৰ ইছলাম আৰু আব্দুল আলিক।
কাজিৰঙা ডি এফ অ’ ৰমেশ কুমাৰ গগৈৰ নেতৃত্বত যোৱা বনকৰ্মী আৰু আৰক্ষীৰ যুঁটীয়া প্ৰচেষ্টাত আটক হয় উক্ত দুই ব্যৱসায়ীক। বিমলা শইকীয়াকে আদি উক্ত চাৰি ধৃতক বোকাখাত আদালতে হোজাই আদালতলৈ প্ৰেৰণ কৰে।
শেহতীয়াকৈ আটক হোৱা দুই চোৰাং ব্যৱসায়ী ক্ৰমে নুৰ ইছলাম আৰু আব্দুল আলীৰ স্বীকাৰোক্তি মতে, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গঁড়ৰ খড়্গৰ এই চোৰাং ব্যৱসায়ৰ সৈতে আৰু বহু লোকৰ নামো সাঙোৰ খাই আছে৷
পৰৱৰ্তী অনুসন্ধানত আৰু বহু লোক আটক হোৱাৰ সম্ভাৱনা আছে৷ কাজিৰঙাৰ ইতিহাসত অতি গুৰুত্বপুৰ্ণ বুলি বিবেচিত হোৱা এই অভিযানত দহটা গোচৰত এতিয়ালৈকে ২৫ গৰাকী লোকক গঁড়ৰ খড়্গৰ চোৰাং ব্যৱসায়ত জড়িত থকাৰ অপৰাধত বন বিভাগে আটক কৰিছে৷ ইয়াৰে ৮ জনেই হ’ল ৰাষ্ট্ৰীয় উদ্যানত কৰ্মৰত অস্থায়ী আৰু দুজন স্থায়ী বনকৰ্মী৷
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ডি এফ অ’ ৰমেশ গগৈয়ে কয় যে, বনকৰ্মীসকলৰ দায়িত্বত থকা বৃহত্তৰ কাজিৰঙাখনত তেওঁলোকেই সৰ্বেসৰ্বা হৈ পৰে৷ স্বাভাৱিকভাৱে মৃত্যু হোৱা গঁড়ৰ খড়্গ একাংশ বনকৰ্মী আৰু হাতীৰ মাউতে বন বিষয়াৰ কাৰ্যালয়ত জমা দিয়াৰ পৰিৱৰ্তে চোৰাংকৈ বিক্ৰী কৰে৷
ইফালে গঁড়ৰ খড়্গৰ চোৰাং বেহাৰ বৃহৎ নেটৱৰ্কৰ দুই মূল অভিযুক্ত বৰ্তমানেও পলাতক অৱস্থাত আছে৷ এই দুই পলাতক অভিযুক্তক কৰায়ত্ত কৰাৰ পিছতহে গঁড়ৰ খৰ্গৰ চোৰাং ব্যৱসায় উৎখাত হ’ব বুলি মত প্ৰকাশ গগৈৰ৷












