ষ্টাফ ৰিপ’ৰ্টাৰ:
“অকাট্য যুক্তি আৰু শাণিত বাগ্মিতাৰে সাংবাদিতাৰ নতুন ধাৰা সৃষ্টি কৰিবলৈ সমৰ্থ হৈ সমগ্ৰ দেশবাসীৰ আদৰৰ হৈ পৰা অসম গৌৰৱ, ৰিপাব্লিক টিভিৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামী ডাঙৰীয়াক কংগ্ৰেছ আৰু শিৱসেনা নেতৃত্বাধীন মহাৰাষ্ট্ৰ চৰকাৰে আক্ৰোশমূলকভাৱে গ্ৰেপ্তাৰ কৰা কাৰ্য গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ ওপৰত এক আক্ৰমণ।
আমি ভাৰতীয় জনতা পাৰ্টি, অসম প্ৰদেশে এই কাৰ্যক একেষাৰে গৰ্হিত আৰু নিন্দনীয় আখ্যা দিছোঁ আৰু সমগ্ৰ দেশ তথা বিশ্বৰে আগশাৰীৰ স্বনামধন্য সাংবাদিক অৰ্ণৱ গোস্বামী ডাঙৰীয়াক তাৎক্ষণিকভাৱে মুক্তি দিবৰ বাবে দাবী জনাইছোঁ।”
অৰ্ণব গোস্বামীৰ গ্ৰেপ্তাৰৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আজি এনেদৰে কয় বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে। সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক বিবৃত্তিত দাসে লগতে কয়,
“সংশ্লিষ্ট চৰকাৰখনৰ এই কাৰ্যৰ জৰিয়তে প্ৰয়াত ইন্দিৰা গান্ধী নেতৃত্বাধীন তদানীন্তন কংগ্ৰেছ চৰকাৰে গণকণ্ঠ সাংবাদিক-সাংবাদিকতাক পণবন্দী কৰি দেশত ঘোষণা কৰা জৰুৰী অৱস্থাৰ ভয়াৱহ অত্যাচাৰৰ বিভীষিকাক আমাক মনত পেলাই দিছে।
অৰ্ণৱ গোস্বামী ডাঙৰীয়াৰ গ্ৰেপ্তাৰে আনক সহিষ্ণুতাৰ পাঠ পঢ়াই থকা কংগ্ৰেছ তথা তেওঁলোকৰ মিত্ৰদলসমূহৰ সহিষ্ণুতাৰ স্বৰূপ লজ্জাজনকভাৱে উদঙাই দিছে।”












