![]()
অনিয়ন্ত্ৰিত মূল্যবৃদ্ধি বিৰুদ্ধে গুৱাহাটী সদৌ অসম ছাত্ৰ সন্থা বৃহৎ প্ৰতিবাদী কাৰ্যসূচী। ঐতিহাসিক লতাশিল খেল পথাৰৰ সন্মুখত আছুৱে সাব্যস্ত কৰে প্ৰতিবাদী কাৰ্যসূচী। অসম চৰকাৰৰ যোগান বিভাগ চূড়ান্ত ব্যৰ্থ হোৱা বাবে ৰাইজে আজি দুৰ্ভোগ ভুগিব লগা হৈছে।
“ক’ৰনা ভাইৰাছৰ বাবে ঘোষণা হোৱা লকডাউনে জনতাক আৰ্থিকভাৱে জুৰুলা কৰা সময়ত অত্যাৱশ্যকীয় সামগ্ৰী মূল্য দ্ৰুত গতিত বৃদ্ধি হোৱা পাছতো অসম চৰকাৰ-যোগান বিভাগ কুম্ভকৰ্ণ নিদ্ৰাত আছে”- গুৰুত্ব অভিযোগ গুৱাহাটী ছাত্ৰ সন্থাৰ।
যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰীৰ কাৰ্যকাল পাঁচ বছৰ সম্পূৰ্ণ হ’ব । সম্পূৰ্ণ কাৰ্যকাল গভীৰ নিদ্ৰাতে থাকিলে। মাজে-মাজে সাৰ পাই খাই আৰু শুয়ে গ’ল-এইদৰে কয় সদৌ গুৱাহাটীৰ ছাত্ৰ সন্থাৰ নেতৃত্বই।

উল্লেখ আছুৰ সদস্যসকলে জাতি লাও, আলু মালা, পিয়াঁজৰ মালা, থালী বজায় সাব্যস্ত কৰে প্ৰতিবাদ।
অসম চৰকাৰ হায় হায়, মূল্যবৃদ্ধি ৰোধ কৰক, অসম চৰকাৰ কাম নাই আদি ধ্বনিৰে উত্তাল কৰি তোলে সমগ্ৰ পৰিৱেশ।
মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, যোগানমন্ত্ৰী ফণীভূষণ চৌধুৰী, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিমূৰ্তি লৈ সাব্যস্ত কৰে প্ৰতিবাদ।












