নিউজ ডেস্কঃ
শীঘ্ৰেই নিৰ্মাণ হ’বলৈ আগবাঢ়িছে দেশৰ নতুন সংসদ ভৱন। অহা ডিচেম্বৰতেই আৰম্ভ হ’ব নিৰ্মাণ কাৰ্য। আৰু শেষ হ’ব ২০২২ চনৰ অক্টোবৰৰ ভিতৰতেই। শুক্রবাৰে লোকসভা সচিবালয়ৰ পৰা এই কথা জনোৱা হৈছে।
কেনে হ’ব নতুন সংসদ ভৱন? সেই ক্ষেত্ৰতো ইঙ্গিত দিছে। জানিব পৰা মতে, এই নতুন ভৱন হ’ব বর্তমান সংসদ ভৱনৰ কাষতেই। কিন্তু আৰু গোলাকাৰ নহয়। এইবাৰ নতুন ভৱনটি হ’ব তিনিকোণীয়া। নতুন সংসদ ভৱনত প্রত্যেক সাংসদৰ বাবে থাকিব পৃথক কক্ষ। ইয়াৰ উপৰি কাগজ-পত্রৰ ব্যৱহাৰ কমাবলৈ থাকিব একাধিক ডিজিটেল ইন্টাৰফেচ।
নতুন সংসদ ভৱনত সাংবিধানিক হল, সাংসদসকলৰ বাবে লাউঞ্জ, লাইব্রেৰী, কমিটি ৰুম, ডাইনিং এৰিয়া আৰু পৃথক কৈ বিশাল পাৰ্কিংৰ ব্যৱস্থা থাকিব। ইয়াৰ উপৰি নতুন সংসদ ভৱন বায়ু প্ৰদূষণ আৰু শব্দ প্ৰদূষণ ৰোধতো বিশেষ ব্যৱস্থা লোৱা হ’ব। ইয়াৰ উপৰি সাংবিধানিক হলত থাকিব ভাৰতৰ গণতান্ত্রিক ঐতিহ্যৰ একাধিক নিদর্শন।