ষ্টাফ ৰিপ’ৰ্টাৰ:
দেশ-বিদেশৰ বহু বিশেষজ্ঞই নুমুৱাব পৰা নাই বাঘজানৰ জুই ৷ বাঘজানৰ জুইয়ে বহু প্ৰাকৃতিক সম্পদ পুৰি ছাই কৰি দিছে আৰু মানৱ সম্পদ গৃহহীন হৈছে ৷
মঙ্গলবাৰে কানাডাৰ কেলগেৰী বিমান বন্দৰৰপৰা আহি বুধবাৰে কলিকতাৰ বিমান বন্দৰত উপস্থিত হৈছেহি এইবাৰ জুই নুমুৱাৰ প্ৰচেষ্টাৰে এন্টন’ভ (এ.এন.১২৪) নামৰ বিশ্বৰ সৰ্ববৃহৎ অসামৰিকপৰিবহণ বিমানখন ৷
উল্লেখযোগ্য যে এই বিমানখনে ৫৯কেজি ওজনৰ সা-সৰঞ্জাম কঢ়িয়াই আনিছে ৷ বৃহৎ আকাৰৰ এই বিমানখন অসমৰ বিমান বন্দৰত অৱতৰণ কৰোৱাতো সম্ভৱ নোহোৱাৰ বাবে কলিকতাত অৱতৰণ কৰে বিমানখনে ৷
যন্ত্ৰপাতি সমূহ শুক্ৰবাৰে ট্ৰেইলাৰ যোগে প্ৰেৰণ কৰা হ’ব বাঘজানলৈ ৷ কেৱল ৰাতিৰ সময়চোৱাতহে চলিব বুলি খবৰ পোৱা এই ট্ৰেইলাৰ বাঘজান পাওঁতে সময় লাগিব মুঠ ১৪দিন৷
এই অত্যাধুনিক যন্ত্ৰ-পাতিৰে অগ্নি নিৰ্বাপনৰ বাবে আহিছে বিদেশৰপৰা ৪জন বিশেষজ্ঞ ৷ তেলৰ খাদ ধ্বংসৰে চলাব লগা এই অভিযানত অইলৰ এইবাৰৰ সিদ্ধান্ত কাৰ্যকৰী হ’বনে নহয় সেয়া সময়েহে ক’ব ৷












