ষ্টাফ ৰিপ’ৰ্টাৰ:
দুৰ্গা পূজাৰ পবিত্ৰ ক্ষণত গুৱাহাটী প্ৰেছ ক্লাবৰ সদস্যসকললৈ আগবঢ়োৱা হৈছে বিশেষ সুবিধা।গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যসকলৰ বাবে প্ৰেছ ক্লাবে লৈছে এক ঐতিহাসিক সিদ্ধান্ত। মহানগৰীৰ ১১খন আগশাৰী ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত বিনামূল্যে অধ্যয়নৰ সুবিধা লাভ কৰিব প্ৰেছ ক্লাবৰ সদস্যৰ সন্তানে।
অসম জাতীয় বিদ্যালয়, ৰয়েল গ্ল’বেল স্কুল, মাৰিয়াছ পাব্লিক স্কুল, ছাউথ পইণ্ট স্কুল, ইন্টাৰনেচনেল স্কুল, গুৱাহাটী, গুৰুনানক হাইস্কুল, চেইণ্ট বিবেকানন্দ ইংলিছ একাডেমি, হেপি মন্টেছৰী হাইস্কুল, গুৱাহাটী পাব্লিক স্কুল, চোভিনীয়েৰ ছেকেণ্ডাৰী স্কুল আৰু মডাৰ্ণ ইংলিছ হাইস্কুলত পঢ়াৰ সুবিধা পাব তেওঁলোকে। অহা শিক্ষাক বৰ্ষৰ পৰা এই বিদ্যালয় কেইখনত লাভ কৰিব বিনামূলীয়া অধ্যয়নৰ সুবিধা।
কৰ্তব্যৰত অৱস্থাত জটিল ৰোগত আক্ৰান্ত হৈ মৃত্যু, স্বাস্থ্যজনিত কাৰণত আৰ্থিক দীনতাত ভোগা তথা অপ্ৰত্যাশিত পৰিস্থিতিৰ সন্মুখীন হৈ পৰিয়াল পোহপালত অসুবিধাৰ সন্মুখীন হোৱা গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সদস্যৰ সন্তানে লাভ কৰিব এই সুবিধা। গুৱাহাটী প্ৰেছ ক্লাবৰ সাধাৰণ সম্পাদক সঞ্জয় ৰায়ে আজি এই ঘোষণা কৰে।
সাংবাদিকৰ সন্তানে যাতে শিক্ষাৰ ক্ষেত্ৰত বাধা সন্মুখীন হ’বলগা নহয় তাৰবাবে এই গুৰুত্বপূৰ্ণ পদক্ষেপ গ্ৰহণ কৰা বুলি সাধাৰণ সম্পাদকগৰাকীয়ে কয়।
আনহাতে, গুৱাহাটী প্ৰেছ ক্লাবৰ অফিচিয়েল ৱেবছাইট www.gauhatipressclub.com মুকলি কৰা হয়।












