ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যত সংঘটিত হৈছে আন এক জঘন্য বলাৎকাৰৰ ঘটনা। ডুমডুমাৰ বৰহাপজানত এটি ৬ বছৰীয়া শিশুক বলাৎকাৰ কৰি হত্যা কৰা হৈছে। ইতিমধ্যে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আটক কৰিছে দিলীপ মাৰাণ্ডী নামৰ নৰপিশাচটোক
বৰহাপজানৰ গাতে লাগি থকা ক্ষুদ্ৰ চাহ বাগিচাখনত কৰ্মৰত উক্ত নৰপিশাচটোৱে ২০ অক্টোবৰ তাৰিখে বজাৰ ফুৰাবলৈ নিয়াৰ চলেৰে সংঘটিত কৰে এই নাৰকীয় ঘটনা। কিন্তু বৃহস্পতিবাৰে দিলীপ মাৰাণ্ডী বাগিচাৰ মাজত লুকাই থকা অৱস্থাত স্থানীয় ৰাইজে উদ্ধাৰ কৰে আৰু অভিযুক্তই নিজেও শিশুটোক হত্যা কৰি শৌচালয়ত পেলাই থোৱা বুলি স্বীকাৰোক্তি দিয়ে।
পৰৱৰ্তী সময়ত ডুমডুমা আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ এটা শৌচালয়ৰ পৰা শিশুটিৰ মৃতদেহ সম্পূৰ্ণ উলংগ অৱস্থাত উদ্ধাৰ কৰে। শিশুটিক বলাৎকাৰ কৰি হত্যা কৰা বুলি সন্দেহ কৰি স্থানীয় লোকে দিলীপ মাৰাণ্ডী নামৰ পাষণ্ডটোক গণপ্ৰহাৰ কৰি আৰক্ষীক চমজাই দিয়ে।












