ষ্টাফ ৰিপ’ৰ্টাৰ:
আজি মহাসপ্তমী।বৃহস্পতিবাৰৰ পৰা অসমৰ প্ৰান্তে প্ৰান্তে বৰষুণ। ক’ৰবাত পাতলীয়া, ক’ৰবাত ধাৰাসাৰ। আজি পুৱাও অসমৰ বিভিন্ন স্থানত অব্যাহত আছে বৰষুণ। ইয়াৰ মাজতে আৰম্ভ হৈছে মহাসপ্তমীৰ পূজা।
এইবাৰ পূজা বহু পৃথক। ক’ৰোণা পৰিস্থিতিৰ বাবে পূজা মণ্ডপসমূহত নাই ভক্তৰ ভিৰ। তথাপি চৰকাৰী নিয়ম মানি ষষ্ঠীৰ দিনা একাংশ লোক ঠায়ে ঠায়ে ওলাই অহা পৰিলক্ষিত হয়। কিন্তু আনবাৰৰ দৰে নাই পেণ্ডেলৰ সন্মুখত ভিৰ। অৱশ্যে এইবাৰ নাই জাক–জমকতাও। বহু স্থানত এইবাৰ আনকি মূৰ্তিও নাই, নিয়ম পালন কৰি পাতিছে ঘট পূজা।












