ষ্টাফ ৰিপ’ৰ্টাৰ:
বৃহস্পতিবাৰে খানাপাৰাস্থিত অসম প্ৰশাসনিক পদাধিকাৰী মহাবিদ্যালয়ত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অধ্যক্ষতাত ৰাজ্যিক কেবিনেটৰ বৈঠক অনুষ্ঠিত হয়।বৈঠকত গ্ৰহণ কৰা হয় বহুকেইটা গুৰুত্বপূৰ্ণ বৈঠক।
কেবিনেটৰ বৈঠকত গ্ৰহণ কৰা সিদ্ধান্ত সমূহ হৈছে বিটিচি নিৰ্বাচন অনুষ্ঠিত নোহোৱা পৰ্যন্ত ৰাজ্যপাল শাসন বাহাল ৰখাত মন্ত্ৰী পৰিষদে অনুমোদন জনায়।
অহা ১৫ ডিচেম্বৰ ভিতৰত বিটিচি নিৰ্বাচনী প্ৰক্ৰিয়া সম্পন্ন কৰা বাবে ৰাজ্যিক নিৰ্বাচন আয়ুক্তক অনুৰোধ জনায়।
গৰু খাদ্যৰ বাবে প্ৰয়োজনীয় পুঁজিৰ ব্যৱধান পূৰণৰ বাবে গো-শালা সমূহক বিত্ত সাহায্য প্ৰদান কৰা বাবে কেবিনেটত গ্ৰহণ কৰা হয় সিদ্ধান্ত।
গৰু চোৰাং সৰবৰাহকাৰী বিৰুদ্ধে অভিযান চলাবলৈ গৈ নিহত হোৱা আৰক্ষী কনিষ্ঠবল ৰবেন দাসৰ পৰিয়াললৈ ১০লাখ টকা এক কালীন সাহায্য প্রদানত অনুমোদন কেবিনেটৰ।
মাজুলী সংযোগী দলং নিৰ্মাণৰ বাবে ব্যৱহিত বালি, ষ্টীল, বিতুমিন আদি সামগ্ৰীত ৰাজ্যিক জিএছটি, ৰয়েলিটি, স্থানীয় কৰ ৰেহাই দিয়া বাবে কেবিনেটে অনুমোদন জনাই।
মাজুলী সংযোগী দলঙৰ এপ্ৰ’চ পথৰ বাবে ভূমি অধিগ্ৰহণৰ ব্যয় ৰাজ্য চৰকাৰে বহন কৰা সিদ্ধান্তত কেবিনেটে অনুমোদন জনাই।
উল্লেখ কেবিনেটৰ সিদ্ধান্ত সমূহ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে সংবাদ মাধ্যমৰ আগত কয়।












