ষ্টাফ ৰিপ’ৰ্টাৰ:
কাৰাগাৰত আৱদ্ধ হ’লেও ৰুদ্ধ নহ’ব কৃষক নেতা অখিল গগৈৰ চিঞৰ। কাৰাগাৰৰ পৰাই আগন্তুক বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হ’ব অখিল গগৈ। শিৱসাগৰ আৰু টীয়ক এই দুই সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থীত্ব পোৱাৰ সম্ভাৱনা কৃষক নেতা গৰাকীৰ।
গোলঘাটত আহ্বায়ক সমিতি গঠনৰ দ্বাৰা এই কথা প্ৰকাশ কৰে ৰাইজৰ দলৰ আহ্বায়ক প্ৰবীণ দাসে। সমগ্ৰ অসমত বৰ্তমান নিৰ্বাচনী কোঁচকাৱাজ চলি থকা দেখিবলৈ পোৱা গৈছে। সদ্য গঠিত ৰাইজৰ দলে এতিয়া জিলাই জিলাই নিজ সাংগঠনিক ভেঁটি টনকিয়াল কৰাৰ খাতিৰত গঠন কৰিছে আহ্বায়ক সমিতি।
সোমবাৰেও গোলাঘাটৰ জিলা পুথিভঁৰালত ৰাইজৰ দলৰ জিলা পৰ্যায়ৰ আহ্বায়ক সমিতি গঠন কৰা হয়। এই সভাত উপস্থিত থাকে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাস, ৰাইজৰ দলৰ নেতা ৰতন দাওৰ লগতে বহু কেইজন ব্যক্তি।
এই সভাতে ৰাজ্যিক আহ্বায়ক প্ৰবীণ দাসে কৃষক নেতা অখিল গগৈয়ে কাৰাগাৰৰ পৰাই অহা নিৰ্বাচনত অৱতীৰ্ণ হ’ব বুলি জনায়।অখিল গগৈ শিৱসাগৰ আৰু টীয়ক এই দুটা সমষ্টিৰ পৰা ৰাইজৰ দলৰ প্ৰাৰ্থিত্ব লাভ কৰাটো নিশ্চিত বুলি জানিব দিয়ে প্ৰবীণ দাসে।












