ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্য জ্যেষ্ঠ সাংবাদিক খগেন কলিতা ৰাজনীতিত আনুষ্ঠানিক ভাৱে যোগদান।কেইবাদশক যোৰা সাংবাদিকতা অভিজ্ঞতাৰে গান্ধী বাদী আদৰ্শক বিশ্বাসী কংগ্ৰেছ দলত আনুষ্ঠানিক ভাৱে যোগদান কৰে।
গুৱাহাটীৰ ৰাজীৱ ভৱনত সভাপতি ৰিপুন বৰা উপস্থিতিত আনুষ্ঠানিক ভাৱে যোগদান কৰে কলিতাই।উল্লেখ দীৰ্ঘদিনৰ পৰা জ্যেষ্ঠ সাংবাদিক গৰাকী সক্রিয় ৰাজনীতিৰে জড়িত হোৱা কথা চলি আছিল।
গুৰুত্বপূৰ্ণ কথা ২১ৰ বিধানসভা নিৰ্বাচনত হাজো সমষ্টি পৰা সাংবাদিক কলিতাই কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থীত্ব লাভৰ প্ৰবল সম্ভাৱনা আছে।ইতিমধ্যে কংগ্ৰেছৰ পৰা পদত্যাগ কৰা হাজো সমষ্টি যুৱ নেতা তথা প্ৰাক্তন কংগ্ৰেছৰ সাধাৰণ সম্পাদক দুলু আহমেদৰ ঠাইত কলিতাই কংগ্ৰেছ দলৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব পাৰে।












