নিউজ ডেক্স:
ৰাজ্যত পুনৰ ক’ৰোনামুক্ত হৈছে ১২৬৩ গৰাকী ব্যক্তি। বিগত ২৪ ঘন্টাত ১২৬৩ গৰাকী কোভিড-১৯ ৰোগীয়ে সুস্থ হৈ চিকিৎসালয়ৰ পৰা যাবলৈ অনুমতি লাভ কৰিছে ৷ টুইট যোগে এই কথা সদৰী কৰে ড° হিমন্ত বিশ্ব শৰ্মাই।
আনহাতে যোৱা ২৪ ঘন্টাত ৰাজ্যত ৩৫০৪০ টা পৰীক্ষা সম্পাদন কৰাৰ পিছত নতুনকৈ ৭৬৯গৰাকী লোক কোভিড-১৯ত আক্ৰান্ত হোৱা বুলি পৰীক্ষাত ধৰা পৰিছে ৷ চিনাক্তসকলৰ ভিতৰৰ ২০২গৰাকী ৰোগী কামৰূপ(ম)ৰ ৷ আক্ৰান্তৰ হাৰ ২.১৯ শতাংশ ৷
বৰ্তমানলৈ অসমত এই ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ১,৯৮৯৮২ জনলৈ বৃদ্ধি পাইছে । ৰাজ্যত সম্প্ৰতি ২৮৮০৪ গৰাকী চিকিত্সাধীন হৈ থকাৰ বিপৰীতে আৰোগ্য হৈ উঠিছে ১,৬৯৩৩২গৰাকী ব্যক্তি।সুস্থৰ হাৰ ৮৪.৪৬ শতাংশ ৷উল্লেখ্য যে ৰাজ্যত বিয়োগ হোৱা লোকৰ সংখ্যাও ৮৪৩ গৰাকীলৈ বৃদ্ধি পালে।













