ষ্টাফ ৰিপ’ৰ্টাৰ
ডিফু : কাৰবি আংলং-নাগালেণ্ড সীমান্তঞ্চলক নিৰাপদ ক’ৰিডৰ হিছাপে ব্যৱহাৰ কৰি অহা আন্তঃৰাজ্যিক গাড়ী চোৰ চক্ৰই গাড়ী চুৰি কাৰ্য অব্যাহত ৰাখিছে ৷ আজি সন্ধিয়া অসম-নাগালেণ্ড সীমান্ত এলেকাৰ ডিফু থানাৰ অন্তৰ্গত ধনশিৰি আৰক্ষী চকীৰ আৰক্ষীৰ এক নাকা তালাচী অভিযানত এটা চুৰি গাড়ীসহ দুই মণিপুৰী যুৱক আটক হোৱাৰ ঘটনাত চাঞ্চল্যৰ সৃষ্টি হৈছে৷ ধনশিৰি আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া ৰঞ্জিত হাজৰিকাই সাংবাদিকক জানিব দিয়া অনুসৰি এক বিশেষ সূত্ৰ অনুসৰি ধনশিৰি এলেকাত নাকা তালাচী অভিযান কালত ডিফু হৈ ধনশিৰি অভিমুখে গৈ থকা MH 48F 8199 পঞ্জীয়ন নম্বৰৰ এখন বগা ৰঙৰ ফৰ্চুনাৰ গাড়ী ৰখিবলৈ নিৰ্দেশ দিয়ে ৷
গাড়ীখনৰ RCৰ সৈতে গাড়ীৰ চেছিছ আৰু ইঞ্জিন নম্বৰৰ সাদৃশ্য নথকাত গাড়ীখন চুৰিৰ হয় বুলি আৰক্ষী নিশ্চিত হয় ৷ ধৃত চোৰ দুটাক আৰক্ষীয়ে অধিক তথ্যৰ বাবে জেৰা অব্যাহত ৰাখিছে ৷ এই সন্দৰ্ভত ডিফু থানাত ১৯৩/২০২০ নম্বৰত এক গোছৰ ৰুজো দি তদন্ত অব্যাহত ৰাখিছে বুলি জানিব পৰা গৈছে ৷ ধৃত চোৰ দুটা ক্ৰমে, মণিপুৰৰ ইম্ফল জিলাৰ কংথৌজাম এমপল সিঙ আৰু ৰাজ কুমাৰ ডুম্বা সিঙ বুলি চিনাক্ত কৰা হৈছে ৷
উল্লেখযোগ্য যে মাঞ্জা আৰু ডিলাই আৰক্ষীয়ে মাঞ্জা- ডিমাপুৰ পথত যোৱা কেইমাহ ধৰি ধাৰাহাহিক অভিযান চলাই কেইবাখনো চুৰি গাড়ীসহ কেইবাটাও গভাইত মণিপুৰী গাড়ী চোৰ আটক কৰিবলৈ সক্ষম হৈছিল ৷ ইয়াৰ পিছত গাড়ী চোৰ চক্ৰটোৱে নতুনকৈ গাড়ীচোৰৰ বাবে উক্ত পথ পৰিহাৰ কৰি ডিফু ধনশিৰি পথটোক গাড়ী চোৰৰ বাবে ব্যৱহাৰ কৰিবলৈ লোৱাটো বিশেষ তাৎপৰ্য বহন কৰিছে ৷