মঙলবাৰে পুৱা ১০ বাজি ২০ মিনিটত অৱশেষত মৃতদেহ উদ্ধাৰ হ’ল কালি কাৰ্বি আংলঙৰ (Karbi Anglong) মাঞ্জাৰ শিলনী বনভোজথলীৰ লংনিট নদীৰ প্ৰৱল সোঁতত সন্ধানহীন হোৱা ডিফুৰ কিশোৰ ৰৌচন বসুমতাৰীৰ।
![শিলনী বনভোজ থলীৰ লংনিট নদীত উদ্ধাৰ হল ডিফু পানবাৰীৰ সন্ধানহীন কিশোৰ ৰৌচন বসুমতাৰীৰ 3 উদ্ধাৰ হল ডিফু পানবাৰীৰ সন্ধানহীন কিশোৰ ৰৌচন বসুমতাৰীৰ](https://i0.wp.com/assamtimespost.in/wp-content/uploads/2024/06/IMG-20240618-WA0025.jpg?resize=720%2C1600&ssl=1)
কালি বিয়লি ভাগত এগৰাকী বন্ধুৰ সৈতে নদীত গা ধুই থকা সময়তে সন্ধানহীন হৈছিল কিশোৰটি। কালি বিয়লিৰ পৰাই কিশোৰটিৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ হৈছিল আজি পুৱা হোজাই জিলাৰ পৰা অহা SDRF ৰ অভিযানত কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।