
মঙলবাৰে পুৱা ১০ বাজি ২০ মিনিটত অৱশেষত মৃতদেহ উদ্ধাৰ হ’ল কালি কাৰ্বি আংলঙৰ (Karbi Anglong) মাঞ্জাৰ শিলনী বনভোজথলীৰ লংনিট নদীৰ প্ৰৱল সোঁতত সন্ধানহীন হোৱা ডিফুৰ কিশোৰ ৰৌচন বসুমতাৰীৰ।

কালি বিয়লি ভাগত এগৰাকী বন্ধুৰ সৈতে নদীত গা ধুই থকা সময়তে সন্ধানহীন হৈছিল কিশোৰটি। কালি বিয়লিৰ পৰাই কিশোৰটিৰ সন্ধানত উদ্ধাৰ অভিযান আৰম্ভ হৈছিল আজি পুৱা হোজাই জিলাৰ পৰা অহা SDRF ৰ অভিযানত কিশোৰটিৰ মৃতদেহ উদ্ধাৰ কৰা হয়।













