
২০২১ চনত ভাৰত চৰকাৰৰ লগত শান্তি চুক্তি কৰি মূল সুঁতিলৈ ঘূৰি অহা ৬টা কাৰবি বিদ্ৰোহী সংগঠন (Conference of 6 Ex-Karbi insurgent organisations)ৰ এখন সন্মিলন আজি ডিফু টাউন হলত সম্পন্ন হয়৷ কেৰাফ (KERUF initiative)ৰ উদ্যোগত আৰু কাৰবি আংলং জিলা আৰক্ষীয়ে সহযোগত এই সন্মিলনত প্ৰাক্তন বিদ্ৰোহীসকলে কয় যে চৰকাৰে তেওঁলোকক ৰাজনৈতিক সংস্হাপন নিদিলে৷

কাৰবি আংলং জিলা আৰক্ষী অধীক্ষক সঞ্জীৱ কুমাৰ শইকীয়া আৰু অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান হীৰেন নাথৰ প্ৰচেষ্টাত তেওঁলোক এতিয়া কৃষি আৰু পশুপালনেৰে স্বাৱলম্বী হোৱাৰ বাটত কাম কৰিছে৷ আৰক্ষী অধীক্ষকগৰাকীয়ে তেওঁলোকক দুখন টেক্টৰ, হেছাৰী মেছিন, বইলাৰ উৎপাদনৰ সকলো সুবিধা দিয়াৰ লগতে বিভিন্ন খেতিৰ বাবে উন্নত জাতৰ কঠিয়া দিছে৷

উল্লেখ যে ইতিমধ্যে ডিফুৰ বজাৰ এতিয়া প্ৰাক্তন বিদ্ৰোহীসকলে উৎপাদন কৰা ব্ৰইলাৰে দখল কৰিছে৷ KLNLF-ৰ বাহিৰে আন বিদ্ৰোহী সংগঠনৰ নেতা-কেডাৰে চৰকাৰে দিয়া মাহেকীয়া ৬ হাজাৰ টকা নোপোৱা আৰু পুৰণি কেছসমূহে তেওঁলোকক জলাকলা খুৱাইছে বুলি কয়৷ সংবিজিৎ ইংতি কাথাৰ, পি দিলিৰ পৰা সকলো উপস্থিত থকা সভাখনত কাৰবিতে ভাষণ দি আৰক্ষী অধীক্ষক শইকীয়াই সৰু সৰু কেছসমূহ চৰকাৰে শেষ কৰিব বুলি কৈ প্ৰাক্তন বিদ্ৰোহীসকলক লৈ এক সেউজ বিপ্লৱ কৰাৰ সংকল্পৰ কথা দোহাৰে৷












