![]()
নিউজ ডেস্কঃ
এইবাৰ পৃথক হ’ব শাৰদীয় দূৰ্গোৎসৱ। এইক্ষেত্ৰত আজি অনুষ্ঠিত এক সংবাদমেল যোগে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইও কৰিলে কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য। পূজা অনুষ্ঠিত হ’লেও জিলা প্ৰশাসনৰ অনুমতি মৰ্মেহে অনুষ্ঠিত কৰিব পাৰিব। পঞ্চমীৰ দিনা পূজাৰী আৰু কমিটীৰ লোকে কৰাব লাগিব ক’ভিড টেষ্ট। আনহাতে, দেৱী বিসৰ্জনৰ পিছতো এওঁলোকে কৰোৱাব লাগিব ক’ৰোণা পৰীক্ষা।
আন কেতবোৰ নিয়ম হৈছে ক্ৰমে, দূৰ্গা পূজাত আঁৰতি হ’লেও কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিব নোৱাৰিব। দুজন ব্যক্তি বাইকত যাব নোৱাৰিব; শিশু অথবা তিৰোতা মানুহৰ ক্ষেত্ৰত এয়া প্ৰযোজ্য নহ’ব। ৯ বজাত হোটেল-ৰেষ্টুৰা সমূহ বন্ধ কৰাৰ লগতে পূজা মণ্ডপৰ গেটো বন্ধ কৰিব লাগিব আৰু মণ্ডপত সোমাব নোৱাৰিব ৫০ জনতকৈ অধিক ভক্ত।
লগতে মন্ত্ৰীগৰাকীয়ে কয় যে পূজাৰ মণ্ডপসমূহ খোলা হ’ব লাগিব। মাস্ক আৰু ছেনিটাইজৰ ব্যৱহাৰ বাধ্যতামূলক। দেৱী বিসৰ্জনত নহ’ব কোনো সমদল। দুৰ্গা পূজাৰ সময়ত যদি সকলোৱে সাৱধানতা অৱলম্বৱন কৰে, তেন্তে আমি জয় কৰিব পাৰিম কোভিডক।‘কোভিড পজিটিভৰ ৰেট কমি গৈছে, যিটো হাৰ জুলাই বা আগষ্টত পাইছিলো, সেই হাৰ এতিয়া নাই। ৰিক’ভাৰী ৰেট ৮৫% আমি পাইছো। আজিলৈকে ৪০লাখ লোকৰ টেষ্ট সম্পন্ন হ’ব। অসমৰ দৰে ৰাজ্যৰ বাবে ডাঙৰ কথা।
যদি কেইসপ্তাহমান সকলো নিয়ম মানি চলিব পাৰো তেনেহ’লে আমি জয়ী হ’ম। প্ৰত্যক দিনাই ৩০ হাজাৰ টেষ্ট গড়ে কৰা হৈছে। যদি এনেদৰে কৰা হয়, তেন্তে কোৰোণাৰ দ্বিতীয় স্তৰ নাহে অসমত। শীতকালত কোভিডৰ দ্বিতীয় ৱেভ আহিব পাৰে। গতিকে পূজাৰ সময়ত আমি সাৱধানতা অৱলম্বন কৰিব লাগিব।’ – ক’লে হিমন্ত বিশ্ব শৰ্মাই।












