ষ্টাফ ৰিপ’ৰ্টাৰ:
গুৱাহাটীত সদৌ অসম ছাত্ৰ সন্থা আৰু ৩০ জনগোষ্ঠীয় সংগঠনৰ আহ্বানত মানৱ শৃংখল কাৰ্যসূচী।ৰটাৰী ক্লাবৰ সমীপত আজি দিনৰ ভাগত সাব্যস্ত হয় মানৱ শৃংখল কাৰ্যসূচী।
বিতৰ্কিত নাগৰিকত্ব সংশোধনী আইন- ২০১৯ বাতিল, ইআইএ বাতিল, বাঘজানৰ ক্ষতিগ্ৰস্তক উপযুক্ত ক্ষতিপুৰণৰ আৰু অসম চুক্তি ৬নং দফা শীঘ্ৰে ৰূপায়ণ কৰা দাবীৰে সাব্যস্ত কৰা হয় প্ৰতিবাদী কাৰ্যসূচী।
সদৌ গুৱাহাটীৰ আছু আহ্বানত সাব্যস্ত হোৱা প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে প্ৰায় দুই শতাধিক প্ৰতিবাদকাৰীয়ে।












