ষ্টাফ ৰিপ’ৰ্টাৰ:
নৱগঠিত ৰাজনৈতিক দল অসম জাতীয় পৰিষদৰ মূখ্য সমন্বয়ক জগদীশ ভূঞাৰ বিস্ফোৰক মন্তব্য। আজিৰ ৰাজনৈতিক প্ৰেক্ষাপটত অগপ দলৰ কোনো প্ৰাসংগিকতা নাই বুলি মন্তব্য কৰে ভূঞাই।
বটদ্ৰৱাত উপস্থিত হৈ অগপ দলৰ সভাপতি অতুল বৰাৰ মন্তব্যৰ প্ৰত্যুত্তৰ দিলে জগদীশ ভূঞাই। অসম জাতীয় দল আৰু ৰাইজৰ দল এক হ’লেও অগপৰ ক্ষতি কৰিব নোৱাৰে বুলি মত ব্যক্ত কৰে জগদীশ ভূঞাই।
অসম জাতীয় পৰিষদক বিভিন্ন সময়ত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কটাক্ষ কৰাক লৈও নিজ মত প্ৰকাশ কৰে ভূঞাই। তেওঁ কয় যে, “অসম জাতীয় পৰিষদক লৈ উদ্বিগ্ন হৈ পৰিছে আৰু মন–মগজুত স্থান পাইছে, সেয়ে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই সমালোচনা কৰিছে।” বটদ্ৰৱাত উপস্থিত হৈ মুখ্যমন্ত্ৰীলৈ মুকলি প্ৰশ্ন জগদীশ ভূঞাৰ।
তেওঁ প্ৰশ্ন আছিল এনে ধৰণৰ, “কেতিয়া বেদখলমুক্ত হ’ব সত্ৰৰ ভূমি?” সত্ৰৰ ভূমি বেদখল মুক্ত কৰিম বুলি প্ৰতিশ্ৰুতি দি জনসাধাৰণৰ আবেগ লৈ চৰকাৰ গঠন কৰাৰ পিছত আজিও বটদ্ৰৱা থানৰ ৯৬২ বিঘা মাটি বেদখলকাৰীৰ কবলত।
শীঘ্রে বেদখলমুক্ত কৰি বটদ্ৰৱা থান পৰিচালনা সমিতিক হস্তান্তৰ কৰিবলৈ দাবী জনায় ভূঞাই।প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাই অসম জাতীয় পৰিষদক জোঁটবন্ধনলৈ বাৰম্বাৰ আহ্বান জনাই আছে যদিও সোমবাৰে অসম জাতীয় পৰিষদৰ মুখ্য সমন্বয়ক জগদীশ ভূঞাই পুনৰ স্পষ্ট কৰি কয় যে কংগ্ৰেছকে ধৰি কোনো ৰাষ্ট্ৰীয় দলৰ লগত মিত্রতা কৰা নহয়।”












