ষ্টাফ ৰিপ’ৰ্টাৰ:
সন্মুখত অসমে বিধানসভাৰ নির্বাচন। আৰু তাকে লৈ এতিয়া প্রস্তুতি আৰম্ভ কৰি দিছে সকলো ৰাজনৈতিক দলে। ইয়াৰ মাজতে ৰাজ্যৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মা ঘোষণা কৰে যে, আগন্তুক ২০২১ৰ নির্বাচনত বিজেপি পুনৰ নির্বাচিত হৈ ৰাজ্যত পুনৰ ক্ষমতালৈ আহিলে ৰাজ্যত বৃদ্ধি পোৱা লাভ জিহাদৰ বিৰুদ্ধে কঠোৰ পদক্ষেপ লোৱা হ’ব। তেওঁ জনায় যে বিজেপি পুনৰ ক্ষমতলৈ আহিলে ৰাজ্যত লাভ জিহাদৰ একমাত্র শাস্তি হ’ব মৃত্যুদণ্ড।
স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই কয়, ‘অসমৰ এই মাটিত আমি লাভ জিহাদৰ বিৰুদ্ধে নতুন কৈ যুদ্ধ আৰম্ভ কৰিম। আমি পুনৰ ক্ষমতালৈ আহিলে এনে আইন আনিম যে, যদি কোনো ল’ৰাই নিজৰ পৰিচয় গোপন কৰি কোনো হিন্দু ছোৱালীক প্রেমৰ জালত বন্দী কৰে, তেনেহ’লে তাক কঠোৰ শাস্তি দিয়া হ’ব।” তেওঁ ইয়াকো কয় যে, ৰাজ্যত ক’ৰবাত নাৰীৰ বিৰুদ্ধে অপৰাধ হ’লে অপৰাধীক সর্বোচ্চ শাস্তি দিয়া হ’ব।
হিমন্ত বিশ্ব শর্মাই কয়, ফেচবুক আৰু বিভিন্ন ছচিয়েল মিডিয়াত বহুতেইই নিজৰ ধর্ম লুকাই ৰাখি হিন্দু ছোৱালীবোৰক প্রেমৰ ফান্দত পেলাইছে। তেওঁ অসমৰ সাংসদ তথা এআইইউডিএফ প্রধান বদৰুদ্দিন আজমলক আক্রমণ কৰি কয়, মই প্রতিজ্ঞা কৰিছোঁ, এই আজমলৰ আর্মিয়ে আমাৰ জীয়ৰীসকলক স্পর্শ কৰিলে তেওঁলোকৰ একমাত্র শাস্তি হ’ব মৃত্যুদণ্ড। আগন্তুক দিনত মই লাভ জিহাদৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সংকল্প লৈ আগবাঢ়িছোঁ।
উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে অসমৰ স্বাস্থ্য মন্ত্রী হিমন্ত বিশ্ব শর্মাই ঘোষণা কৰে যে, অহা মাহৰ ভিতৰত ৰাজ্য চৰকাৰৰ টকাত চলা সকলো চৰকাৰী মাদ্রাছা বন্ধ কৰি দিয়া হ’ব। মন্ত্রীগৰাকীৰ এই ঘোষণাৰ পিছত ৰাজ্যৰ ৬১৮খন চৰকাৰী মাদ্রাছা প্রবল সঙ্কটৰ মুখত পৰিছে। তেওঁ এইটোও কয় যে, এখন ধর্মনিৰপেক্ষ দেশ আৰু ৰাজ্যত চৰকাৰী টকাত কোনো ধর্মীয় প্রতিষ্ঠান চলিব নোৱাৰিব।












