ষ্টাফ ৰিপ’ৰ্টাৰ:
ৰাজ্যৰ নতুন পেঞ্চন আঁচনিৰৰ ফোপোলা স্বৰূপ উদঙাই দিব লগা হৈছে কেন্দ্ৰীয় চৰকাৰেই ৷২০০৪ চনৰপৰা নতুন ৰাষ্ট্ৰীয় পেঞ্চনৰ আঁচনিৰ নামত কোষাগাৰে কাটি থকা এতিয়ালৈকে জমা হ’ব লগা মুঠ ২৭,৭৫৭.২৫ কোটি টকা জমা হোৱা নাই কেন্দ্ৰীয় চৰকাৰৰ বিত্ত মন্ত্ৰণালয়ৰ অধীনস্থ পেঞ্চন ৰেগুলেটৰী আৰু ডেভেলপমেণ্ট অথৰিটীৰ দেজিগনেটেড ট্ৰাষ্টী বেংকত ৷
সেই ধণৰাশি জমা কৰিবলৈ নাই কোনো পাৰমানেন্ট ৰিটায়াৰমেন্ট একাউণ্ট নম্বৰ ৷ তেন্তে ইমান মোটা অংকৰ ধণ গৈছে কেনি? সোনকালেই ইয়াৰ উত্তৰ দিব লাগিব ৰাজ্য চৰকাৰে ৷












