অজন্তা তালুকদাৰ:
বোকাখাত : আকাশবাণী গুৱাহাটী কেন্দ্রৰ উদ্যোগত অংশকালীন বাতৰি পৰিৱেশক গােলাপ শইকীয়াৰ স্মৃতিত অনুষ্ঠিত অনলাইন বাতৰি পঢ়া প্রতিযােগিতাৰ ফলাফলসমূহ ঘােষণা কৰা হৈছে।
তিনিটা শাখাত অনুষ্ঠিত প্রতিযোগিতাৰ ক’ শাখাত গুৱাহাটীৰ তন্ময়ী বৰাই প্রথম স্থান, শিৱসাগৰৰ অনমিত্র খাৰঘৰীয়াই দ্বিতীয় স্থান আৰু গােলাঘাটৰ হেমন্ত বৰাই তৃতীয় স্থান লাভ কৰিছে। খ’ শাখাত বোকাখাতৰ ধৃতিমান কাকতিয়ে প্রথম স্থান, যােৰহাটৰ দর্শনা বৰঠাকুৰে দ্বিতীয় স্থান আৰু কামপুৰৰ বিজয় কলিতাই তৃতীয় স্থান লাভ কৰিছে।
আনহাতে, ‘গ’ শাখাত গােলাঘাটৰ প্রণামী কৌশিকে প্রথম স্থান, দৰঙৰ সবিতা ডেকাই দ্বিতীয় স্থান আৰু যােৰহাটৰ হিমাদ্রী বৰাই তৃতীয় স্থান অধিকাৰ কৰিছে। প্রতিযােগিতাত অংশগ্রহণ কৰা এহেজাৰৰাে অধিক অংশগ্রহণকাৰীৰ মাজৰ পৰা এই ৯ গৰাকী প্রতিযােগীক বাছনি কৰি উলিওৱা হৈছে।
দিল্লী, গুজৰাট আৰু মহাৰাষ্ট্রকে ধৰি দেশৰ বিভিন্ন ঠাইৰ লগতে বিদেশত থকা বহুকেইগৰাকী অসমীয়া লােকেও প্রতিযােগিতাত অংশগ্রহণ কৰিছিল বুলি বিশেষ সূত্ৰৰ জড়িয়তে জানিব পৰা গৈছে। গ’ শাখাত আবুধাবিৰ পৰা এই প্রতিযােগিতাত অংশ লােৱা তীর্থ শর্মা আৰু কুৱেইটৰ পৰা অংশগ্রহণ কৰা প্রতিযােগী দেবাহুতি কাকতি দাসলৈ উদগনিমূলক বঁটা আগবঢ়োৱা হৈছে।
৬ অক্টোবৰত আকাশবাণী গুৱাহাটী কেন্দ্ৰ চৌহদত অনুষ্ঠিত হোৱা গােলাপ শইকীয়া স্মৃতিচাৰণ অনুষ্ঠানত এই বঁটাসমূহ প্রদান কৰা হয়। ধৃতিমান কাকতি বোকাখাতৰ কৃষি বিষয়া অলকানন্দ কাকতি আৰু কমাৰগাঁও কলেজৰ ইংৰাজী বিভাগৰ শিক্ষক ড° গায়ত্ৰী বৰা কাকতিৰ পুত্র। উল্লেখ্য যে ধৃতিমানৰ পৰিচালনাৰ এখন তথ্যচিত্ৰই দেশ বিদেশত খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল।